
অসমবাসীৰ বাবে আন এক ভাল খবৰ। দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুঠিত সন্নিৱিষ্ট হ’ব উদ্ভাৱক ড০ উদ্ভৱ ভৰালীৰ জীৱন-কৰ্মৰাজি। অহা শিক্ষা বৰ্ষৰ পৰা দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ সাতলাখ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত পঢ়িব পদ্মশ্ৰী ড০ উদ্ভৱ ভৰালীৰ জীৱন কাহিনী।
লখিমপুৰৰ সুযোগ্য সন্তান পদ্মশ্ৰী, উদ্ভাৱক ড০ উদ্ভৱ ভৰালী লৈ ইতিমধ্যে এছ চি ই আৰ টিয়ে এক পত্ৰ যোগে এই কথা জনাই তেওঁৰ অনুমতি বিচাৰিছে। দেশৰ প্ৰখ্যাত লেখক শিলা ভাটিয়াই ইতিমধ্যেই উদ্ভৱ ভৰালীৰ জীৱনী যুগুত কৰি উলিয়াইছে।
মূলতঃ ছাত্ৰ-ছাত্ৰী সকলে কেনেদৰে জীৱনৰ বাটত শূন্যৰ পৰা আকাশলৈ ধাৱমান হ’ব পাৰি তাৰেই অনুপ্ৰেৰণা যোগোৱাৰ লক্ষৰেই দিল্লীৰ চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি এছ চি ই আৰ টিয়ে জনাইছে।
Photo Credit: Hassinur Alom