27 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফোন কৰি মাতি নিছিল নিশা, পুৱা নিথৰ মৃতদেহ বস্তাত বান্ধি থোৱা অৱস্থাত নদীত উদ্ধাৰ

    ফোন কৰি মাতি নিছিল নিশা, পুৱা নিথৰ মৃতদেহ বস্তাত বান্ধি থোৱা অৱস্থাত নদীত উদ্ধাৰ। নিশা ঘৰৰ পৰা ফোন কৰি মাতি নি হত্যা কৰি হাত ভৰি বান্ধি বস্তাত ভৰাই নৈত উটুৱাই দিয়াৰ সন্দেহ পৰিয়ালৰ।

    আজি বিশ্বনাথ চাৰিআলিৰ ননকে জাপৰিগুৰিৰ সমীপৰ বুঢ়ীগাং নদীৰ নলাত বস্তাৰ ভিতৰত হাত-ভৰিৰ বান্ধি থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ননকে জাপৰিগুৰিৰ বুঢ়ীগাং নদীৰ নলা পাৰ হৈ এগৰাকী মহিলাই পথাৰত কাম কৰা লোকক ভাত দিবলৈ যাওঁতে মহিলা গৰাকীৰ ভৰিত মৃতদেহ ভৰাই ৰখা বস্তাটো লাগে। বস্তাটোত মৃতদেহ প্ৰত্যক্ষ কৰি মহিলাগৰাকীয়ে লগে লগে হুৱাদুৱা লগাই।

    এই খবৰ বিয়পি পৰাৰ লগে লগে গাওঁবাসী আহি উক্ত স্থানত উপস্থিত হয়। স্থানীয় ৰাইজে জিনজিয়া আৰক্ষীকো খবৰ দিয়ে। বাঘমাৰীৰ ছুটপামৰ পৰা নিৰুদ্দেশ হৈ থকা নুৰ হকৰ পৰিয়ালৰ লোকো আহি সেই স্থানত উপস্থিত হয়।

    আৰক্ষী আৰু নুৰ হকৰ পৰিয়ালৰ লোকে পানীৰ পৰা বস্তাটো উদ্ধাৰ কৰি প্ৰত্যক্ষ কৰাত নুৰ হকৰ মৃতদেহ বুলি চিনাক্ত হয়। কালিৰেপৰা নিৰুদ্দেশ হৈ থকা নুৰ হকক কোনো লোকে হত্যা কৰি হাত ভৰি ৰছীৰে বান্ধি বস্তাত ভৰাই বুঢ়ীগাং নদীৰ নলাত পেলাই দিয়া বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে।

    উল্লেখ্য যে যোৱা নিশাৰ পৰাই নুৰ হক নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত মৃত নুৰ হকৰ পৰিয়ালে আজি পুৱা বিশ্বনাথৰ জিনজিয়া থানাত এক এজাহাৰ দাখিল কৰিছিল । এই হত্যা কাণ্ডৰ লগত কোন জড়িত হৈ আছে, তাক ধৰিবৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

    Input and Photo – Sayanika Deka

    আৰু পঢ়ক : অঘটন, মথাউৰিৰ কাম কৰি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত নিখোজ প্ৰদীপ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।