26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বক্সাৰ লাভলিনাক উৎসাহিত কৰিবলৈ শাসক-বিৰোধীয়ে একেলগে চলালে চাইকেল

    বক্সাৰ লাভলিনাক উৎসাহিত কৰিবলৈ শাসক-বিৰোধীয়ে একেলগে চলালে চাইকেল

    টকিঅ’ অলিম্পিকত অংশ লোৱা একমাত্ৰ অসমীয়া খেলুৱৈ লাভলিনা বৰগোঁহাইক উৎসাহ জনোৱাৰ উদ্দেশ্যে আজি অসম চৰকাৰে এক চাইকেল ৰেলীৰ আয়োজন কৰে।

    অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মী, শাসকীয় আৰু বিৰোধী দলৰ বিধায়কসকলে বুধবাৰে লাভলিনাক সমৰ্থন জনাবলৈ এই চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে।

    অসমৰ মুখ্যমন্ত্ৰীয়ে ‘গ’ ফৰ গ্লোৰি লাভলিনা’ ৰেলীৰ শুভাৰম্ভ কৰে আৰু গুৱাহাটীৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ আৰম্ভ হোৱা চাইকেল ৰেলীতো অংশগ্ৰহণ কৰে।

    মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ প্ৰতিগৰাকী লোকে লাভলিনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰি আছে।

    হিমন্তই কয়, ‘আমি আশা কৰো যে জনসাধাৰণৰ প্ৰাৰ্থনা আৰু সমৰ্থনে লভলিনাক সফলতাৰ অন্তিম দুৱাৰলৈ লৈ যাব’। অসমৰ সকলো লোক লাভলিনাৰ সৈতে আছে আৰু আমাৰ সমৰ্থন তেওঁৰ লগত থাকিব’।

    উল্লেখ্য যে ২৩ বছৰীয়া লাভলিনাই যোৱা বছৰ মাৰ্চ মাহতে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু তেওঁ ৬৯ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিব। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথম মহিলা।  

    টকিঅ’ অলিম্পিক ২৩ জুলাইত আৰম্ভ হ’ব আৰু বক্সিং ইভেণ্ট ২৪ জুলাইৰ পৰা আৰম্ভ হ’ব।

    আৰু পঢ়ক : ৰাজ কুন্দ্ৰা দোষী সাব্যস্ত হ’লে কিমান বছৰ কটাব লাগিব জেইলত? জানক সবিশেষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং