২০১১ চনতে ৰেগিঙৰ বলি হৈ মৃত্যু হৈছিল ছাত্ৰৰ ! ১১ বছৰৰ পিছতো ন্যায়ৰ আশাত বন্দী এহাল পিতৃ-মাতৃ

0
4356

২০১১ চনতে ৰেগিঙৰ বলি হৈ মৃত্যু হৈছিল ছাত্ৰৰ ! ১১ বছৰৰ পিছতো ন্যায়ৰ আশাত বন্দী এহাল পিতৃ-মাতৃ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ডৰ কথা । ২০১১ চনতেই শিলচৰৰ অসম বিশ্ববিদ্যালয়ত ৰেগিঙৰ বলি হৈ মৃত্যু হৈছিল এজন ছাত্ৰৰ। কিন্তু ১১ টা বছৰৰ পাছতো আজি পৰ্যন্ত ন্যায় নাপালে ভুক্তভোগী পৰিয়ালটোৱে।

ডিব্ৰুগড় বিশ্ববিদ্যালৰ ঘটনাত জড়িত অভিযুক্তক আটক কৰাৰ পিছত ন্যায়ৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে মৃত ৰত্নদীপ মালাকাৰৰ পিতৃয়ে। বুধবাৰে হাতত মৃত পুত্ৰৰ ফটো হাতত লৈ ন্যায়ৰ আশাত বন্দী ৰত্নদীপৰ পিতৃ-মাতৃ।

ৰত্নদীপৰ পিতৃয়ে আজি সাংবাদিকৰ আগত মন্তব্য কৰি কয় য়ে-“২০১১ চনৰ ১৭ আগষ্ট তাৰিখে কৰিমগঞ্জৰ ৰত্নদীপ মালাকাৰ নামৰ ছাত্ৰজনে পৰীক্ষা দি ওলাই আহিছিল।

সেই সময়তে জ্যেষ্ঠ ছাত্ৰ অমিত মিশ্ৰৰ নেতৃত্বত ৫ জন ছাত্ৰই ৰত্নদীপক বিশ্ববিদ্যালয়খনৰ মুল প্ৰৱেশদ্বাৰতে আগুচি ধৰিছিল। তাৰ পিছতে ছাত্ৰকেইজনে ৰত্নদীপক মদ আৰু চিগাৰেট খাবৰ বাবে নিৰ্দেশ দিছিল।

কিন্তু ছাত্ৰজনে তেওঁলোকৰ কথা মানি নোলোৱাত ছাত্ৰ ৫ জনে ৰত্নদীপক বেয়াকৈ প্ৰহাৰ কৰে। তেওঁলোকে ৰত্নদীপৰ এটা চকুও উলিযাই দিছিলে।” ৰত্নদীপক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ২০১১ চনৰ ১৫ ছেপ্তেম্বৰৰ দিনা মৃত্যু হয় ছাত্ৰজনৰ।

তাৰ পিছত আৰক্ষীক গোচৰ ৰুজু কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও তেওঁ কয়। অট’চালক পিতৃয়ে লগতে কয় যে ” সেই সময়ৰ শিলচৰৰ এজন কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰীৰ বাবে আজিও সেই ছাত্ৰ কেইজনে মুক্ত আকাশৰ তলত ঘুৰি ফুৰিব পাৰিছে। ”

সেয়েহে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ পুত্ৰৰ ন্যায় দিবৰ বাবে অনুৰোধ কৰিছে।