22 C
Guwahati
Thursday, January 20, 2022
More

    কনড’মতো কৰ লগালে ইমৰাণ খানে, জনসংখ্যা বৃদ্ধিৰ সময়ত এই সিদ্ধান্তক হঠকাৰী আখ্যা বিৰোধীৰ

    পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে কনড’মৰ ওপৰত কৰ লগোৱাক কেন্দ্ৰ কৰি বিলৱাল ভূট্টোই তীব্ৰ সমালোচনা কৰিছে পাকিস্তানী প্ৰধান মন্ত্ৰী গৰাকীক।

    পাকিস্তান পিপ’লছ পাৰ্টিৰ নেতা বিলৱাল ভূট্টোই ইমৰাণ খানে কনড’মৰ ওপৰত কৰ লগোৱাক সমালোচনা কৰি দেশখনত জনসংখ্যা বৃদ্ধি চৰম হাৰত হৈ থকাৰ সময়ত এই সিদ্ধান্তক হঠকাৰী আখ্যা দিয়ে।

    “জন্মনিৰোধক হাঁহিবলগীয়া বিষয় নহয়। দেশত জনসংখ্যা বৃদ্ধি এক সমস্যাৰ ৰূপত ধৰা দিছে আৰু এই সময়ত কনড’মৰ ওপৰত কৰ লগোৱা হৈছে,” বিলৱাল ভূট্টোই ইমৰাণ খান চৰকাৰক সমালোচনা কৰি কয়।

    ইমৰাণ খান চৰকাৰৰ শেহতীয়া ক্ষুদ্ৰ বাজেটত দেশখনত কনড’মৰ ওপৰত নতুনকৈ কৰ লগোৱা হৈছে।

    উল্লেখযোগ্য যে, পাকিস্তানত এতিয়াও জন্মনিয়ন্ত্ৰণৰ আধুনিক পদ্ধতি সমূহক সামাজিকভাৱে মুক্তভাৱে গ্ৰহণ কৰা হোৱা নায়।

    কনড’মকে ধৰি আন আন জন্মনিয়ন্ত্ৰণৰ পদ্ধতি সমূহৰ বিষয়ে এতিয়াও মানুহে মুক্তভাৱে কথা পাতিবলৈ টান পায়।

    আৰু পঢ়ক : কৰ্ণাটকৰ মহাবিদ্যালয়ত নিষিদ্ধ কৰা হ’ল বোৰ্খা আৰু গেৰুৱা মাফলাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং