যুৱতীক অশ্লীল মেছেজ কৰি ৰাজ্যজুৰি তোলপাৰ লগোৱা লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিলম্বন

0
11365

যুৱতীক অশ্লীল মেছেজ কৰি ৰাজ্যজুৰি তোলপাৰ লগোৱা লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিলম্বন

ৰাজ্যজুৰি তোলপাৰ লগোৱা এক খবৰ। যুৱতীক অশ্লীল মেছেজ কৰি বিতৰ্কৰ সৃষ্টি কৰছিল লখিমপুৰ জিলাৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক অৱশেষত নিলম্বন।

বহু বিতৰ্কৰ সৃষ্টি কৰা অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে বহুতেই প্ৰতিবাদ সাব্যস্ত কৰিছিল বহুতেই। অধ্যক্ষগৰাকীৰ অশ্লীৰ বাৰ্তা আৰু অশ্লীল ফটো ভাইৰেল হৈ পৰাৰ পাছতে অধ্যক্ষগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী তুলিছিল মহিবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু লোকে।

অৱশেষত আজি ২৬ আগষ্ট তাৰিখে অধ্যক্ষগৰাকীক নিলম্বন কৰা হয়। অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়াক ১৫ দিনৰ বাবে নিলম্বন কৰে উচ্চ শিক্ষা বিভাগে।

মহাবিদ্যালয় পৰিচালনা সমিতিয়ে গ্ৰহন কৰা সিদ্ধান্তৰ পাছতেই অধ্যক্ষগৰাকীক নিলম্বন কৰা হয়।

আনহাতে বৰ্তমানে মহাবিদ্যালয় খনৰ পৰিচালনাৰ বাবে অস্থায়ী ভাৱে অধ্যক্ষ নিযুক্তি কৰা হয়। ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৰঞ্জৱ কুমাৰ বৰাক।

বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা উভিযোগ নিষ্পত্তি নোহোৱা পৰ্যন্ত এতিয়া লখিমপুৰ মহাবিদ্যালয়খনৰ দায়িত্বৰ থাকিব ৰঞ্জন কুমাৰ বৰা।

আনহাতে আজি লখিমপুৰ জিলা আছুৱেও উত্থাপন কৰি গুৰুতৰ অভিযোগ। কেৱল যৌন গন্ধী স্ক্ৰীন শ্বট বিতৰ্কই ডঃ বিমান চেতিয়াৰ নামত নাই, অধ্যক্ষগৰাকীয়ে চল চাতুৰীৰে অধ্যক্ষ পদ হস্তগত কৰাৰ বিস্ফোৰক অভিযোগ আছুৰ।

বিমান চেতিয়াৰ phd ডিগ্ৰী ভুৱা বুলি হোৱা চৰ্চাৰ আঁত ধৰি আছুৰ স্পষ্ট মত-‘তেওঁৰ PHD ডিগ্ৰীৰ ওপৰত হব লাগে উচিত তদন্ত’।