
দূৰ্গোৎসৱৰ প্ৰাক্ ক্ষণত নগাঁৱৰ চামগুৰিৰ সোনাইবালিত নিশা আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে বৃহৎ অভিযান চলায়।
এই অভিযানত কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাস আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকান্ত দলৈৰ নেতৃত্বত আৰক্ষীৰ দলে নিশা চামগুৰিৰ সোণাৰীবালিত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে কৰায়ত্ব কৰে এজনক।
চামগুৰিৰ সোণাৰিবালি স্থিত “ৰোড লাইন ধাবা”ৰ এটা গোপন কক্ষৰ পৰা উদ্ধাৰ অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ সুৰা খিনি।বহুদিন চলি আছিল এই অবৈধ ব্যৱসায়।
দীৰ্ঘদিন ধৰি অবৈধ ভাৱে সুৰাৰ ৰমৰমীয়া বেহাৰ সৈতে জড়িত ধাবা খনৰ স্বত্বাধিকাৰী আইজুল হককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
Photo and [email protected]