22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ধুবুৰী চহৰত কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে নথি বিহীন অসংখ্য অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰ

    ধুবুৰী চহৰত কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে বহু অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰ । নথি পত্ৰবিহীন ভাৱে চলিছে ফাৰ্মাচীসমূহ ।

    দুদিনপূৰ্বে ধুবুৰী অসামৰিক চিকিৎলালয়ৰ সন্মূখত জিলা প্ৰশাসনে অভিযান চলাই “চীল” কৰিছিল সোভানা মেডিকেল,সোভানা এক্সৰে চেন্টাৰ,পাৰবিন মেডিকেল, আৰু চিটি মেডিকেলৰ চীল কৰাৰ ওপৰিও চিটি মেডিকেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰশাসনে ।

    ইয়াৰ পিছৰে পৰা অবৈধ ফাৰ্মাচী আৰু ডায়গনষ্টিক, এক্সৰে পৰীক্ষাগাৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ।

    সোমবাৰে পুনৰ ধুবুৰী চহৰৰ আগশাৰীৰ ডায়গনষ্টিক চেন্টাৰ “অমৰ ডাইগনষ্টিক”ৰ বিৰুদ্ধে জিলা প্ৰশাসনে অভিযান চলায়।ধুবুৰীৰ দুৰ্গা দাস ৰোডত অৱস্থিত, “অমৰ ডাইগনষ্টিক”ৰ বিৰুদ্ধে ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ছাৰফৰাজ হকৰ নেতৃত্বত অভিযান চলাই ৰেডিঅ’লজিষ্ট আৰু পেথ’লজিষ্ট আদিৰ পৰীক্ষা কৰা হয়।

    প্ৰশাসনে উক্ত ফাৰ্মাচীৰ কম্পিউটাৰৰ চি পি ইউ আদি তন্ন তন্ন কৈ পৰীক্ষা কৰে। ডাইগনষ্টিক খনৰ পৰা কম্পিউটাৰৰ চি পি ইউ জব্দ কৰে প্ৰশাসনে ।

    “অমৰ ডাইগনষ্টিক”ৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰি প্ৰশাসনে কম্পিউটাৰ সমূহ ওভতাই দি যোৱাৰ বাতৰিয়ে সচেতন মহলত তোলপাৰ লগাইছে ।ইপিনে সংবাদ মাধ্যমৰ পৰা বিৰত থাকে ধুবুৰী জিলা প্ৰশাসনে ।

    অমৰ ডায়গনষ্টিকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ নাই নে আন ৰাজনৈতিক কিবা সেয়া ৰহস্যৰ আৱৰ্তত এই সন্দৰ্ভত স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰিছে।

    ইনপুট ক্ৰেডিটঃ আমিনুৰ আহমেদ

    আৰু পঢ়ক : NPS বাতিল কৰি OPS প্ৰবৰ্তনৰ দাবীত হাটশিঙিমাৰী মহাবিদ্যালয়ত প্ৰবক্তা সকলৰ সৰ্বাত্মক কৰ্ম বিৰতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং