26 C
Guwahati
Thursday, September 16, 2021
More

    এদিন দুদিন কৈ বছৰত ২২ হাজাৰ বিঘা চৰকাৰী ভূমি দখল অবৈধ লোকৰ

    এদিন দুদিন কৈ বছৰত ২২ হাজাৰ বিঘা চৰকাৰী ভূমি দখল অবৈধ লোকৰ। আৰম্ভণিতে এই দখলৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ ফলতে বৰ্তমানে অতি ভয়ংকৰ ৰূপ লৈছে হাজোত। পুনৰ সন্দেহ জনক নাগৰিকে সাজিছে ন ন গাঁও।

    হাজোৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত ন ন গাঁও সাজিছে সন্দেহজনক নাগৰিকে। এদেও দুদেও কৰি লুঠনিয়াৰ চেও দৰে বিস্তাৰিত হৈছে সন্দেহজনক নাগৰিকৰ গাঁও। হাজোৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি দোকানীয়া গ্ৰেজিঙ ৰিজাৰ্ভৰ ২২ হাজাৰ বিঘা চৰকাৰী ভূমি দখল কৰিছে একাংশ সন্দেহ জনক বংগ মূলৰ মুছলমান লোকে।

    নিশাটোৰ ভিতৰতে নতুন গাঁও সাজি তৈয়াৰ হৈ যায় চৰকাৰী ভূমিত। যাৰ ফলত সন্দেহজনক নাগৰিকৰ উপদ্ৰৱৰ বাবে স্থানীয় গো মহ পালকৰ হাহাকাৰ অৱস্থা।বছৰ বছৰ ধৰি এই ৰিজাৰ্ভত গো মহ পালন কৰি থকা থলুৱা গো পালকৰ গৰু মহ চুৰি কৰি উপদ্ৰৱ সন্দেহজনক নাগৰিকৰ।

    গাঁওবাসীৰ ভাষ্য অনুসৰি এই সকল সন্দেহ জনক নাগৰিকক সংস্থাপনৰ আঁৰত আছে এটা শক্তিশালী চক্ৰ! ধনৰ বিনিময়ত এই সকল সন্দেহজনক নাগৰিকক চৰকাৰী ভূমি দখলৰ অনুমতি একাংশ স্থানীয় দালালৰ।

    বছৰ বছৰ ধৰি চৰকাৰী ভূমিত বে-দখল কৰি উপদ্ৰৱ চলোৱা এই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁও বাসী লোক, এটাই প্ৰশ্ন উচ্ছেদ কেতিয়া?

    কেৱল হাজো নহয় অসমৰ একাধিক চৰকাৰী ভূমি বে দখল কৰি এই সন্দেহ জনক নাগৰিকে ভয়াবহ আগ্ৰাসন চলাইছে অসমৰ ভূমিত। অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই সকল লোকক কোনে দিছে ৰক্ষণাবেক্ষণ?

    আৰু পঢ়ক : স্বামীৰ হকে ওলাই আহিল পত্নীঃ নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং