চামগুৰিত সুৰাৰ বৰষুণ; লাখ লাখ টকাৰ সুৰা জব্দ আৰক্ষীৰ

0
507

চামগুৰিত ট্ৰাকত কাৰ্টুনে কাৰ্টুনে জব্দ ১০ লাখ টকাৰ অবৈধ সুৰা । চামগুৰিৰ আমনিত আৰক্ষীৰ জালত নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক।

অৰুণাচলৰ নাহৰলগুনৰ পৰা ডিমাপুৰ অভিমুখে সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল সুৰাখিনি। জব্দ কৰা সুৰাখিনিৰ মূল্য আনুমানিক দহ লক্ষাধিক টকাৰ।

সোধপোছ বাবে আৰক্ষীয়ে আটক কৰিছে ট্ৰাক খনৰ তিনিজনকৈ লোকক। চামগুৰি আৰক্ষীৰ তদন্ত পিছতহে পোহৰলৈ আহিব সুৰাখিনিৰ সন্দৰ্ভত প্ৰকৃত তথ্য।