গুৱাহাটী আই আই টিত ইতিহাসৰ সবাতোকৈ ডাঙৰ পেকেজৰ ৰেকৰ্ড, ছাত্ৰলৈ আহিল ২.৪ কোটি টকাৰ প্ৰস্তাৱ

0
305

গুৱাহাটী আই আই টিত ইতিহাসৰ সবাতোকৈ ডাঙৰ পেকেজৰ ৰেকৰ্ড, ছাত্ৰলৈ আহিল ২.৪ কোটি টকাৰ প্ৰস্তাৱ

আই আই টি-গুৱাহাটীৰ এজন বিটেক শিক্ষাৰ্থীয়ে বৃহস্পতিবাৰে ২.৫ কোটি টকাৰ পেকেজৰ প্ৰস্তাৱ লাভ কৰিছে। এটা বহুজাতিক কোম্পানীৰ ফালৰ পৰা এই প্ৰস্তাৱ লাভ কৰিছে ছাত্ৰগৰাকীয়ে।

প্ৰতিষ্ঠানখনৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, ২.৪ কোটি (চিটিচি)ৰ পেকেজ পোৱাটো প্ৰতিষ্ঠানটোৰ বাবে এক বৃহৎ সাফল্য। প্ৰতিষ্ঠানটোৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এজন শিক্ষাৰ্থীলৈ ২.৫ কোটি টকাৰ পেকেজ আগবঢ়োৱা হৈছে।

যি বৰ্তমানলৈ সবাতোকৈ ডাঙৰ পেকেজ বুলি জানিবলৈ দিয়ে গুৱাহাটী আই আই টিৰ বিষয়াসকলে। ইয়াৰ উপৰিও, আন দুজন বিটেক শিক্ষাৰ্থীকো ১.১ কোটি টকাৰ পেকেজ আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আই আই টি গুৱাহাটীৰ বাৰ্ষিক কেম্পাছ প্লেছমেণ্টত শিক্ষাৰ্থীসকলক কোটি কোটি টকাৰ পেকেজ আগবঢ়োৱা হয়। কিন্তু কভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে এই প্লেছমেণ্ট বন্ধ হৈ আছিল। দুবছৰৰ ব্যৱধানৰ পিছত পুনৰ প্ৰতিষ্ঠানখন ডাঙৰ ডাঙৰ কোম্পানীৰ বিষয়া সকলে আহি শিক্ষাৰ্থীসকলৰ সৈতে মুখামুখি সাক্ষাৎ গ্ৰহন কৰিছে।

চলিত বৰ্ষত শীৰ্ষ নিযুক্তিবোৰৰ ভিতৰত আছে গুগল, মাইক্ৰ’ছফ্ট, জে পি মৰ্গান চেজ, আমেৰিকান এক্সপ্ৰেছ, টেক্সাছ ইনষ্ট্ৰুমেণ্টচ, উবেৰ, কোৱালকম, চি-ডট, এনফেজ এনাৰ্জি আৰু অৰেকল, মুখপাত্ৰজনে কয়।

প্ৰানিধানযোগ্য যে, মুঠ ১২৬৯ জন শিক্ষাৰ্থী আৰু ২৬৪ টা কোম্পানীয়ে এই বছৰ প্লেচমেণ্টৰ বাবে পঞ্জীয়ন কৰিছিল। তাৰে ভিতৰত কোম্পানীবোৰে মুঠ ৪৭০ গৰাকী শিক্ষাৰ্থীক নিয়োগ কৰিছে।