মানুহে নিজৰ জীৱনটো কিছু নিয়মৰ মাজেৰে অতিবাহিত কৰিলে জীৱনটো সুন্দৰ হৈ পৰে। খোৱা, শোৱাৰ ক্ষেত্ৰত সামান্য কিছুমান নিয়ম পালন কৰিলে বহু সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। যিদৰে ব্যক্তিৰ আহাৰ গ্ৰহণ কি দৰে কৰিব লাগে সেই কথা ধৰ্ম শাস্ত্ৰসমূহত উল্লেখ আছে, ঠিক তেনেদৰে শোৱাৰ ক্ষেত্ৰতো উল্লেখ আছে কিছুমান নিয়ম।
সেই নিয়ম অনুসৰি ব্যক্তিয়ে দিনৰ ভাগত কেতিয়াও শুব নালাগে। দিনৰ ভাগত শোৱাৰ ফলত বহুতো বেমাৰ-আজাৰে লগ দিব পাৰে। দিনৰ ভাগত শুলে ৰোগ বৃদ্ধি হয় আৰু আয়ুস কমে। সেই মৰ্মে যিসকল লোক ৰুগীয়া সেইসকল লোকেহে দিনত শোৱ লাগে।
আয়ুৰ্বেদৰ অনুসৰি, দিনত শুলে শকত হোৱাৰ সমস্যাৰ দৰে আন বহু সমস্যা হয় আৰু তেনে লোকৰ জ্বৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। আনহাতে পুৰাণৰ মতে, যিসকল লোকে দিনত শোৱে সেইসকল লোক ৰোগীয়া আৰু দৰিদ্ৰ হয় বুলি কোৱা হৈছে।
ইয়াৰোপৰি, যদি সুস্থ ব্যক্তিও দিনৰ ভাগত শুৱে তেন্তে তেনেলোকৰ পাচন তন্ত্ৰৰ সমস্যাই দেখা দিব পাৰে।
আৰু পঢ়ক : পত্নী-কন্যাক হত্যা পিতৃৰ, উত্তেজিত ৰাইজেও মৰিয়াই মাৰিলে হত্যাকাৰী পিতৃক