28 C
Guwahati
Thursday, August 11, 2022
More

    এই প’ষ্টাৰখন দেখিও যদি আপুনি এৰা নাই গুটখা, তেন্তে নিশ্চয় পাব এই সাতটা পুৰস্কাৰ

    এই প’ষ্টাৰখন দেখিও যদি আপুনি এৰা নাই গুটখা, তেন্তে নিশ্চয় পাব এই সাতটা পুৰস্কাৰ

    গুটখা, চিগাৰেট স্বাস্থ্যৰ বাবে হানিকাৰক। এই সকলোবোৰ কথা জানিও অধিকাংশ লোকেই গুটখা, পান, বিড়ি, চিগাৰেটৰ লগতে অন্যান্য মাদক দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত নাথাকে।

    অৱশ্যে বহু লোকে গুটখা আৰু ধুম্ৰপানৰ পৰা পৰিত্ৰাণ পাব বিচাৰে যদিও ইয়াৰ বেয়া অভ্যাসৰ বাবে এৰিব নোৱাৰে।

    সেয়ে এই লোকসকলক সজাগ কৰিবলৈ চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে সময়ে সময়ে সৃষ্টিশীল পদ্ধতিৰ আশ্ৰয় ল’বলগীয়া হয়।

    এইধৰণৰ এক পদ্ধতি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিখন ছবি টুইটাৰত এগৰাকী আই এ এছ বিষয়াইও শ্বেয়াৰ কৰিছে। যিটো দেখাৰ পিছত আপুনিও ক’ব – ধাৰণাটো বৰ ভাল।

    ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ফটোখন আই এ এছ বিষয়া অৱনীশ শ্বাৰণে টুইটাৰত শ্বেয়াৰ কৰি কেপশ্যনত লিখে, ‘বঢ়িয়া আইডিয়া’।

    ফটোখনত গুটখা খোৱা লোকক সাতটা পুৰস্কাৰ দিয়াৰ কথা উল্লেখ আছে।

    প্ৰথম পুৰস্কাৰ- কেন্সাৰ, দ্বিতীয়- গালত গাত, তৃতীয়- মুখ সৰু হোৱা, চতুৰ্থ- ডেকা বয়সতে বুঢ়া, পঞ্চম- কিডনী বিকল, ষষ্ঠ- কাঁহ-কফ আৰু সপ্তম পুৰস্কাৰ- ৰাম নাম সত্য।

    এই পুৰস্কাৰ পোৱাৰ বাবে পান দোকানত ফৰ্ম উপলব্ধ বুলিও উল্লেখ আছে।

    ফটোখনত আপুনি দেখিব যে গুটখা খোৱাৰ ফলত হোৱা ক্ষতি আৰু ৰোগসমূহ কেনেকৈ এক অনন্য ৰূপত বুজাই দিয়া হৈছে। এই ফটোখন সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে।

    বহু লোকে এই পদ্ধতিৰ প্ৰশংসা কৰি কোনোবাই কমেন্টত লিখিলে ধাৰণাটো পুৰণি কিন্তু ভাল।

    আৰু পঢ়ক :- ৰাওনা হৈছিল হে মাত্ৰ, নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীসহ দ’ খাৱৈত বাগৰি পৰে বাছ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং