31 C
Guwahati
Friday, September 24, 2021
More

    যদি অসম আৰক্ষী পুনৰ আহে তেন্তে এইবাৰ সকলোকে হত্যা কৰিম : মিজো সাংসদ ভানলালভেন

    যদি অসম আৰক্ষী পুনৰ আহে তেন্তে এইবাৰ সকলোকে হত্যা কৰিম : মিজো সাংসদ ভানলালভেন

    অসম-মিজোৰাম সীমান্তৰ ৰক্তক্ষয়ী ঘটনাই উত্তেজনাৰ সৃষ্টি কৰাৰ সময়তে মিজো নেশ্যনেল ফ্ৰণ্টৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনৰ এটা মন্তব্যই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমত।

    মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ছয়জনকৈ জোৱানে প্ৰাণ আহুতি দিয়াৰ লগতে অৰ্ধশতাধিকৰো অধিক লোক আহত হোৱা ঘটনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কৈছিল, ‘অসম আৰক্ষীয়ে মিজোৰামৰ ভূখণ্ড বেদখল কৰি আৰক্ষী ছাউনি ধ্বংস কৰিছিল। অসম আৰক্ষীয়ে প্ৰথমতে গুলীচালনা কৰিছিল, মিজো আৰক্ষীয়ে কেৱল যুঁজহে দিছিল’।

    এই মন্তব্যৰ উপৰি তেওঁ আন এটা মন্তব্য দিছিল যে যদিহে অসম আৰক্ষীয়ে মিজোৰামৰ ভূখণ্ডত পুনৰ প্ৰৱেশ কৰাৰ চেষ্টা চলাই তেন্তে এইবাৰ আমি সকলোকে হত্যা কৰিম।

    ভাৰতীয় সংবিধানৰ শপত খোৱা এগৰাকী সাংসদৰ মুখৰ পৰা এইধৰণৰ মন্তব্যই এই কথাকে প্ৰমাণ কৰে যে অসম আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল।

    ইফালে সাংসদ গৰাকীৰ এই চাঞ্চল্যকৰ মন্তব্যৰ পিছতে তেওঁক সোধা-পোছা কৰিবলৈ চি আই ডিৰ বিষয়াসহ অসম আৰক্ষীৰ এটা দল বুধবাৰে দিল্লীলৈ ৰাওনা হৈছিল।

    এই সকলো কথা অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দি কয় যে ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনে সংবাদ মাধ্যমত দিয়া সাক্ষাতকাৰৰ পৰা এইটো সন্দেহ প্ৰকাশ কৰিব পাৰি যে যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমাত মিজোৱে অসম আৰক্ষীলৈ কৰা গুলীচালনাৰ ষড়যন্ত্ৰত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল।

    সেয়ে সাংসদগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।  

    আৰু পঢ়ক : সকলো চৰকাৰী-বেচৰকাৰী যান-বাহনৰ চালক পৰিচালকলৈ বিনামূলীয়া কভিড ভেকচিন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং