31 C
Guwahati
Sunday, September 19, 2021
More

    কেন্দ্ৰক প্ৰশ্ন কেজৰিৱালৰ- যদি পিজ্জাৰ হোম ডেলিভাৰী হয় তেন্তে ৰেশ্যন কিয় নোৱাৰি?

    কেন্দ্ৰক প্ৰশ্ন কেজৰিৱালৰ- যদি পিজ্জাৰ হোম ডেলিভাৰী হয় তেন্তে ৰেশ্যন কিয় নোৱাৰি? – ৰাজধানী দিল্লীত ৭২ লাখ পৰিয়ালক লাভান্বিত কৰিবলগীয়া ঘৰ ঘৰ ৰেশ্যন আঁচনিক কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ স্থগিত কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে দিল্লী চৰকাৰে।

    দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে এই সন্দৰ্ভত কয় যে দিল্লীত এই সপ্তাহৰ পৰা ঘৰ ঘৰ ৰেশ্যন আঁচনি আৰম্ভ হোৱাৰ কথা আছিল, ইয়াক লৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল যদিও দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিক বন্ধ কৰাৰ নিৰ্দেশ দিছে।

    তেওঁ লগতে কয় যে কেন্দ্ৰই দাবী কৰিছে যে আমি এই আঁচনি সন্দৰ্ভত অনুমতি লোৱা নাই। আমি এবাৰ নহয় বৰঞ্চ পাঁচবাৰ অনুমতি লৈছো। আইন অনুসৰি এই আঁচনিৰ বাবে কেন্দ্ৰ অনুমতিৰ প্ৰয়োজন নাই, কিন্তু আমি সৌজন্যতাৰ খাতিৰত অনুমতি লৈছিলো।

    ৰেশ্যনৰ হোম ডেলিভাৰী কিয় কৰিব নোৱাৰি? আপোনালোক ৰেশ্যন মাফিয়াৰ লগত ঠিয় দিলে দুখীয়াৰ সৈতে কোনে ঠিয় দিব? সেই ৭০ লাখ দুখীয়াৰ কি হ’ব যাৰ ৰেশ্যন ৰেশ্যন মাফিয়াই চুৰি কৰে। এইদৰে কেন্দ্ৰক প্ৰশ্ন কৰে কেজৰিৱালে।

    কেজৰিৱালে লগতে কেন্দ্ৰক প্ৰশ্ন কৰে যে যদি পিজ্জা ডেলিভাৰী কৰিব পাৰি তেন্তে ৰেশ্যন কিয় নোৱাৰি?

    এই সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সকলোৰে লগত যুঁজি আছে বুলি মন্তব্য কৰি কেজৰিৱালে কয় যে পশ্চিম বংগত মমতা দিদিৰ লগত, ঝাৰখণ্ড চৰকাৰৰ লগত, মহাৰাষ্ট্ৰ চৰকাৰৰ লগতো যুঁজি আছে, কিন্তু এই সময় যুঁজ দিয়াৰ নহয় সকলোৱে একগোট হৈ কাম কৰাৰ।

    কেজৰিৱালে অসহায়ভাৱে কয় যে এই আঁচনিৰ সকলো কৃতিত্ব কেন্দ্ৰীয় চৰকাৰক দিবলৈ সাজু আছো, কিন্তু অনুগ্ৰহ কৰি আঁচনিখন বন্ধ নকৰিব।

    সকলো জনহিত কামৰ সৈতে মই সদায় চৰকাৰৰ লগত আছো, সেয়ে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছো যে দিল্লীৰ দুখীয়া সকলৰ বাবে আৰম্ভ হ’বলগীয়া এই আঁচনিখন কৃপা কৰি বন্ধ নকৰিব।

    আৰু পঢ়ক : জীৱিকাৰ তাড়নাত বেংগালুৰুলৈ যোৱা অসমৰ এটা পৰিয়ালৰ ৫ জন লোক অগ্নিদগ্ধ, ৩ জনৰ মৃত্যু, দুজন চিকিৎসাধীন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং