
ডিজিটেল ইণ্ডিয়া অভিযানত পূৰ্ণোদ্যমে লাগি আছে বিজেপি চৰকাৰ। ভাৰতবৰ্ষৰ প্ৰত্যেক চুকে-কোণে বিশেষকৈ গাঁওসমূহত ডিজিটেল ইণ্ডিয়াৰ প্ৰসাৰ আৰু প্ৰচাৰত আগভাগ বিজেপি চৰকাৰৰ। প্ৰত্যেক পৰিয়ালৰে একোজনকৈ সদস্যক ডিজিটেলাইজ কৰাৰ উদ্দেশ্যে এই অভিযান চৰকাৰৰ।
বিজেপিৰ অসম প্ৰদেশৰ সক্ৰিয় সদস্য অমিতাভ ভট্টাচাৰ্য্য এজন এনে ব্যক্তি যিয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰে গাঁও অঞ্চলসমূহত ডিজিটেল সজাগতাৰ বাবে অনেক সভা সমিতিৰ লগতে কৰ্মশালা আদিও কৰিছিল। যাৰ বাবে অমিতাভ ভট্টাচাৰ্য্যক বাংগালুৰুত আইকণ ইণ্ডিয়া এৱাৰ্ড ২০১৯ৰে সন্মানিত কৰা হয়।
ই-লাইব্ৰেৰী বিভাগৰ ৰাজ্য-সংযোজক আৰু অসম বিজেপিৰ আই টি আৰু চচিয়েল মিডিয়াৰ ৰাজ্য-সংযোজক অমিতাভ ভট্টাচাৰ্য্যক বাংগালোৰত হোৱা এক মেগা অনুষ্ঠানত বলিউডৰ অভিনেত্ৰী চিত্ৰাংগডা সিঙে এই শ্ৰেষ্ঠ কাৰিকৰী ডিজিটেল ট্ৰেইনাৰৰ পুৰষ্কাৰটি প্ৰদান কৰে। ২০১৫ চনৰ ১ জুলাই পৰা অমিতাভ ভট্টাচাৰ্য্যই দলীয় কৰ্মকৰ্তাৰ সৈতে এই ডিজিটেল ইণ্ডিয়াৰ শুভাৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই বিগত ৪ বছৰে ধৰি এই ডিজিটেল সজাগতাৰ ওপৰত অহৰহ কাম কৰি গৈছে ভট্টাচাৰ্য্যই।