দেশত এতিয়ালৈকে কৰ’ণা ভাইৰাছৰ মুঠ ৩,৭২,১২৩টা নমুনা পৰীক্ষা

ভাৰতত এই পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ১৫,৭১২জন।

0
26

ভাৰতত দিনকদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। লক ডাউন চলি থকাৰ মাজতো স্তিমিত হোৱা নাই কৰ’ণাৰ আতংক। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ (ICMR)তথ্য অনুসৰি দেশত কৰ’ণা ভাইৰাছৰ মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৩,৭২,১২৩টা৷ য’ত শনিবাৰৰ দিনটোতে পৰীক্ষা কৰা হৈছে মুঠ ৩৫,৪৯৪টা নমুনা৷

ভাৰতত এই পৰ্যন্ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ১৫,৭১২জন।কৰ’ণাৰ সৈতে যুঁজ দি সুস্থ হৈ উঠিছে বৰ্তমান ২২৩০জন।ইয়াৰে মৃত্যুক আঁকোৱালি লৈছে ৫০৭ জনে। অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৩৪ জন। ইয়াৰে ১২ জন সুস্থ হৈ উঠিছে আৰু এজনৰ মৃত্যু হৈছে।

Photo Credit: aljazeera.com