প্ৰত্যাহ্বান! মুখ্যমন্ত্ৰীয়ে য’তেই নিৰ্বাচন খেলিব তাতেই মই প্ৰতিদ্বন্দ্বিতা কৰিম : ভূপেন বৰা

0
140
ভূপেন বৰাৰ ফাইল ছবি

ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে হেৰুওৱা শক্তি পুনৰুদ্ধাৰৰ চেষ্টা চলাই থকা কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই এইবাৰ মুকলি প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা জালুকবাৰীত উপস্থিত হোৱাৰ পিছতে বুধবাৰে সাংবাদিকৰ আগত কংগ্ৰেছ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ হুংকাৰ প্ৰদান কৰে।

সাংবাদিকৰ আগত তেওঁ কয়, ‘অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেইটো সমষ্টিতে ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব’।

২০২৪ নে ২০২৬ বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে তেওঁ যেতিয়া আৰু য’তেই নিৰ্বাচন খেলিব তাতেই মই প্ৰতিদ্বন্দ্বিতা কৰিম।

‘হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ প্ৰত্যত্তৰ দিবলৈ তেওঁ য’ত যাব, তেওঁ য’ত জুই লগাব মই ফায়াৰব্ৰিগেদ হৈ জুই নুমাবলৈ যাম। সাম্প্ৰদায়িক বিষবাষ্পৰ জুই নুমুৱাবলৈ আমি জালুকবাৰীলৈ আহিছো’, বৰাই এইদৰে কয়।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গস্বৰূপ জালুকবাৰী সমষ্টিত আজি ভূপেন বৰাৰ নেতৃত্বত হোৱা পদযাত্ৰাৰ সময়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায়।