দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী সম্যুক্তা হেডগেক শনিবাৰে এগৰাকী মহিলাই অসামাজিক শব্দ কৈ অপদস্থ কৰাৰ প্ৰসংগই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বাংগালুৰুৰ এখন পাৰ্কত শাৰিৰীক অনুশীলন কৰাৰ সময়ত পিন্ধা সাজক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ কবিতা ৰেড্ডী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে।
অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাটোৰ দৃশ্যৰাজি কেমেৰাত বন্দী কৰিছে। ইফালে তেওঁ একাধিক দৃশ্য (VIDEO) সংগ্ৰহ কৰি সেয়া ছ’চিয়েল মিডিয়াত মুকলি কৰি দিছে। তাৰে এটা ভিডিঅ’ত প্ৰকাশ পোৱা অনুসৰি, এগৰাকী ব্যক্তিয়ে তেওঁক শাৰিৰীকভাৱে অপদস্থ কৰি তেওঁ ড্ৰাগছ সেৱন কৰি আছিল বুলি সংবাদমাধ্যমৰ আগত কবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে।
কবিতা ৰেড্ডী নামৰ মহিলাগৰাকীয়ে আৰক্ষীক মাতি বন্ধুসকলৰ সৈতে অভিনেত্ৰীগৰাকীক আটক কৰিবলৈ কোৱা বুলিও ভিডিঅ’টোত প্ৰকাশ পাইছে।
”এখন গণতান্ত্ৰিক দেশত থাকি সামাজিক দূৰত্বৰ সকলো নিয়ম মানিও স্প’ৰ্টছৰ পোছাক পিন্ধাৰ বাবে এনেদৰে কবিতা ৰেড্ডী আৰু বাকী মানুহবোৰৰ নিৰ্যাতনৰ সন্মুখীন হৈছো। ঘটনাটো ইমানতে ইতি পেলোৱাৰ সলনি মহিলাগৰাকীয়ে মোৰ বন্ধুক আঘাট কৰিছে। লগতে মোক আৰু বাকী বন্ধুসকলক কটু কথা শুনাইছে।” অভিনেত্ৰীগৰাকীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টত এনেদৰে লিখিছে।
এই ঘটনাৰ সম্পৰ্কত অভিনেত্ৰীগৰাকীয়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। এজাহাৰ দিয়াৰ সময়তো আৰক্ষীৰ পৰা বিশেষ সমৰ্থন লাভ নকৰাৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ।
Photo Credit: Samyukta Hegde Instagram