“মোৰ এলন মাস্কক বহুত ভাল লাগে তেওঁৰ হাঁহিটো ইমান ধুনীয়া” ইলন মাস্কক প্ৰশংসাৰ পাছত ট্ৰ’ল তছলিমা নাছৰিন

0
1004

“মোৰ এলন মাস্কক বহুত ভাল লাগে তেওঁৰ হাঁহিটো ইমান ধুনীয়া” ইলন মাস্কক প্ৰশংসাৰ পাছত ট্ৰ’ল তছলিমা নাছৰিন

বিশ্বৰ আটাইতকৈ ধনী ব্যক্ত জনৰ প্ৰশংসাত বিলীন হৈ পৰিল বিতৰ্কিত লেখিকা তছলিমা নাছৰিন। তছলিমাই মাস্কৰ এনে প্ৰশংসা কৰিসে যে বহু সংখ্যক লোকে লেখিকাগৰাকী ইলন মাস্কৰ প্ৰেমত পৰা বুলিও চৰ্চা আৰম্ভ কৰিছে।

মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ ইলন মাস্কে বহু কৰ্মচাৰীক ছাটাই কৰাৰৰ পিছৰে পৰা মাস্কৰ সমালোচনাৰ শেষ নোহোৱা হৈছে কিন্তু এনে একেই সময়তে লেখিকা তছলিমা নাছৰিনে তেওঁক প্ৰশংসাৰে উপচাই তুলিছে।

তছলিমাই টুইটাৰ জৰিয়তে উল্লেখ কৰিছে যে, “মোৰ এলন মাস্কক বহুত ভাল লাগে। তেওঁৰ বিশাল ধনৰ বাবে নহয়। বৰঞ্চ, তেওঁৰ হাঁহিটো ইমান ধুনীয়া।” লেখিকাগৰাকীৰ পোষ্টটোৱে এতিয়া সমগ্ৰ বিশ্বত খলকনি তুলিছে।

বহু নেটিজেনে তছলিমাৰ মতামতৰ সৈতে একমত হৈছে যে মাস্কৰ হাঁহিটো সঁচাকৈয়ে ধুনীয়া। ইয়াৰউপৰি বহুলোকে তেওঁক এনে ধৰণৰ পোষ্টৰ বাবে সমালোচনাও কৰা দেখা গৈছে।