‍‍‘এই মুহূৰ্তত ভাৰতীয় দলত স্থান পোৱাৰ যোগ্য নহয়’, ৰিয়ান পৰাগে নিজেই ক’লে এই কথা

0
1929
দুৰ্বল ফৰ্মৰে যুঁজি থকা কোহলীক কি উপদেশ দিলে ৰিয়ান পৰাগে?
ৰিয়ান পৰাগ, ফাইল ফটো

আই পি এলৰ পৰা বাতৰিৰ শিৰোণাম দখল কৰা অসমৰ ক্ৰিকটাৰ ৰিয়ান পৰাগে এই মুহূৰ্তত ভাৰতীয় দলত স্থান পোৱাৰ যোগ্য নহয় বুলি নিজেই মন্তব্য কৰিছে।

ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানে কয় যে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো গুৰুত্বপূৰ্ণ। মই এয়া এখন দুখন মেচতহে কৰিছো আৰু এয়া যথেষ্ট নহয়।

ৰিয়ানে কয়, ‍‘যদি মই দলক ৬-৭ খন মেচত জিকাব পাৰিলো হয়, সেয়া মোৰ বাবে ভাল হ’লহেতেন। কিন্তু যদি এতিয়াই মোৰ নাম সম্ভাব্য তালিকাত আহে, মোৰ ভাল নালাগিব। মই এই মুহূৰ্তত ইয়াৰ যোগ্য নহয়’।

ফিনিচাৰ হিচাপে তেওঁ মহেন্দ্ৰ সিং ধোনীক অনুসৰণ কৰে বুলি উল্লেখ কৰি ৰিয়ানে ৬-৭ নম্বৰত বেটিং কৰি আৰু অধিক উন্নতমানৰ প্ৰদৰ্শন কৰিব বিচাৰে।

উল্লেখ্য যে ৰিয়ানে সদ্য সমাপ্ত আই পি এলৰ ১৭ খন মেচৰ ১৪ টা ইনিংছত ১৮৩ ৰান সংগ্ৰহ কৰিছিল।