31 C
Guwahati
Thursday, September 29, 2022
More

    হিমাৰ মূল লক্ষ্য পেৰিছ অলিম্পিক হে, সময়ক আৰু অধিক গুৰুত্ব দিয়া হিমাই কয় ‘১ মাইক্ৰ’ছেকেণ্ড কি বুজি উঠিছো’

    হিমাৰ মূল লক্ষ্য পেৰিছ অলিম্পিক হে, সময়ক আৰু অধিক গুৰুত্ব দিয়া হিমাই কয় ‘১ মাইক্ৰ’ছেকেণ্ড কি বুজি উঠিছো’

    দেশৰ সুদক্ষ দৌৰবিদ তথা অসম সন্তান “ধিং এক্সপ্ৰেছ” হিমা দাস আজি ১১ আগষ্ট তাৰিখ বৃহস্পতিবাৰে কমনৱেল্থৰ পৰা উভতি আহি গুৱাহাটীত উপস্থিত হয়। হিমাই গুৱাহাটীত উপস্থিত হৈয়ে কয়, মই কেতিয়াও শেষ হৈ নাযাও।

    সময়ৰ মূল্য কিমান সেয়া জানিলো। ১ মাইক্ৰ’ছেকেণ্ড কি বুজি পালো। অৱশ্যে কমনৱেল্থ মোৰ মূল লক্ষ্য নাছিল, পেৰিছ অলিম্পিক মোৰ মূল লক্ষ্য।

    মহিলাৰ ২০০ মিটাৰ ইভেণ্টত আকৰ্ষণীয় প্ৰদৰ্শনেৰে বাৰ্মিংহামত শেহতীয়াকৈ অনুষ্ঠিত কমনৱেলথ গেমছৰ পৰা খেলুৱৈগৰাকীয়ে উভতি অহাৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত অসম এথলেটিকছ এছ’চিয়েশ্যনে (এএএ) আয়োজিত এখন সংবাদমেলত হিমা দাসে সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে কথা বাৰ্তা হয়।

    কমনৱেলথ গেমছ, ২০২২ত অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি হিমা দাসে কয়, “যদিও মই ঘৰলৈ পদক আনিব নোৱাৰিলোঁ, এথলীট হিচাপে, মই অনুষ্ঠানটোত মোৰ প্ৰদৰ্শনত সুখী।”

    “মোৰ আঘাতৰ পিছত এইটো মোৰ প্ৰথম ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল। যিহেতু মই মোৰ আঘাতৰ পৰা ওলাই আহিবলৈ কঠোৰ যুঁজ দিছিলো, ই মোক জামাইকাৰ দৰে পাৱাৰহাউচ দেশৰ খেলুৱৈসকলৰ বিৰুদ্ধে এথলেটিকছৰ সৰ্বোচ্চ পৰ্যায়ত প্ৰদৰ্শন কৰিবলৈ অপৰিসীম মানসিক শক্তি প্ৰদান কৰিছিল। মই সদায় মোৰ সময়ৰ বাবে দৌৰিছিলো কিন্তু এইবাৰ – যেতিয়া মই ফাইনেলত উপনীত হব নোৱাৰিলে – মই এতিয়া সময়ক আৰু অধিক গুৰুত্ব দিওঁ আৰু সন্মান কৰো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং