28 C
Guwahati
Saturday, October 1, 2022
More

    ২০২৪-ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব নেকি নীতিশ কুমাৰ? উত্তৰত কি ক’লে পঢ়ক

    অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰ। আনহাতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে তেজস্বী যাদৱে।

    শপত গ্ৰহণ কৰিয়েই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে নীতিশ কুমাৰ। ২০২০ চনত মই মুখ্যমন্ত্ৰী হ’ব বিচৰা নাছিলো। কিন্তু মোক দায়িত্ব ল’বলৈ হেঁচা দিয়া হৈছিল। আমাৰ দলৰ কৰ্মীসকলৰ নিৰ্দেশত আমি মিত্ৰতা ভংগ কৰিছো৷

    নীতিশ কুমাৰে কয়, ‘প্ৰধানমন্ত্ৰী পদৰ বাবে মোৰ কোনো আগ্ৰহ নাই। প্ৰশ্ন হয় ২০১৪ চনত অহা ব্যক্তিজনে ২০২৪ চনত জয়ী হ’বনে’?

    উল্লেখ্য যে, মঙলবাৰে নীতিশ কুমাৰে নিজৰ দলৰ বিধায়ক, সাংসদসকলৰ সৈতে বৈঠকত মিলিত হৈ বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

    ইয়াৰ পিছতে জেডিইউ, আৰজেডি, কংগ্ৰেছৰ লগতে আন আন দলৰ সৈতে মিলি চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছিল ৰাজ্যপালক। আৰু সেই অনুসৰি, আজি নীতিশ কুমাৰে পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত লয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং