লকডাউন অৱজ্ঞা কৰা লোকক ‘মই দায়িত্বহীন মূৰ্খ’ ফলক প্ৰদান কলিয়াবৰ আৰক্ষীৰ

লকডাউন নিৰ্দেশনা অৱজ্ঞা কৰি জখলাবন্ধা ৰাজপথত ওলাই আহিছিল কেইবাজনো লোক

0
72

কৰ’ণা ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষতে কালি নিশাৰ পৰা ২১ দিনৰ বাবে আৰম্ভ হৈছে লকডাউন। এই লকডাউনৰ সময়ত অতিপ্ৰয়োজনীয় বা অত্যাৱশকীয় কামৰ বাহিৰে সাধাৰণ লোকক বাহিৰত ওলাই যোৱাত নিষেধাজ্ঞা প্ৰদান প্ৰশাসনৰ।

সেই উদ্দেশ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ মহকুমাৰ আৰক্ষী তথা প্ৰশাসনৰ সকলো সষ্টম হৈ পৰিছে। লকডাউন নিৰ্দেশনা অৱজ্ঞা কৰি জখলাবন্ধা ৰাজপথত কেইজনমান যুৱক ওলাই অহাত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে তেওঁলোকক পথৰ মাজতে প্ৰদান কৰে একোখনকৈ বিশেষ ফলক। য’ত লিখা আছে “মই দায়িত্বহীন মূৰ্খ”। এনে একোখন ফলক হাতত দি লাজ দিয়া পৰিলক্ষিত হয় কলিয়াবৰত।

Photo Credit: @dipubora