উগ্ৰপন্থীৰ গুলীত উগ্ৰপন্থী নিহত; প্ৰৱাসী শ্ৰমিকৰ হত্যাত আছিল জড়িত

0
123
ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিশেষ আৰক্ষী বিষয়াক হত্যা উগ্ৰপন্থীৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত গ্ৰেণেড আক্ৰমণত দুজন প্ৰৱাসী শ্ৰমিকৰ মৃত্যুৰ পিছত গ্ৰেপ্তাৰ হোৱা লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ উগ্ৰপন্থীজনৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত মৃত্যু ঘটিছে। বুধবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

কাশ্মীৰ জোন আৰক্ষীয়ে বুধবাৰে টুইট কৰি কয়, ‘গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী-সেনাৰ যুটীয়া অভিযানকাৰী দলে শ্বপিয়ানৰ নৌগাম অঞ্চলত অভিযান চলাবলৈ গৈছিল। সেই সময়ত অঞ্চলটোত লুকুৱাই থকা উগ্ৰপন্থীৰ সৈতে নিৰাপত্তৰক্ষী দলটোৰ মাজত সংঘৰ্ষ হয় য’ত উগ্ৰপন্থীৰ গুলীত উগ্ৰপন্থী ইমৰাণ বছিৰ গনীৰ মৃত্যু হয়’।

সংঘৰ্ষস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানেও তালাচী অভিযান চলি আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে মঙলবাৰে পুৱতি নিশা শ্বপিয়ানৰ হাৰমেইনত গ্ৰেণেড আক্ৰমণত উত্তৰ প্ৰদেশৰ কন্নৌজ অঞ্চলৰ দুজন শ্ৰমিক নিহত হৈছিল। গনীসহ দুজন লোকক এই ঘটনাৰ সৈতে জড়িত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।