ভয়ংকৰ ঘটনা ; সন্তানৰ টিকট ক্ৰয় কৰিব লগা হোৱাত বিমানবন্দৰতে এৰি পলায়ন পিতৃ-মাতৃৰ

0
106

ভয়ংকৰ ঘটনা ; সন্তানৰ টিকট ক্ৰয় কৰিব লগা হোৱাত বিমানবন্দৰতে এৰি পলায়ন পিতৃ-মাতৃৰ

পিতৃ মাতৃ ফুৰিবলৈ গ’লে তেওঁলোকৰ লগত সন্তানো ফুৰিবলৈ যায়। ফুৰিবলৈ যোৱাৰ সময়ত সকলো পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক বহু সাৱধানে ৰাখে। কিন্তু
এহাল দম্পতীয়ে তেওঁলোকৰ সন্তানৰ বাবে বেলেগ টিকট ক্ৰয় কৰাৰ বাবে তৰ্ক কৰাৰ পিছত ইজৰাইল বিমানবন্দৰৰ চেক-ইন কাউণ্টাৰতে শিশুটোক এৰি গৈছিল।

ঘটনাটো ৰিয়ানাৰ এয়াৰ ডেস্কৰ তেল আভিভ বেন-গুৰিয়ন বিমানবন্দৰত সংঘটিত হৈছিল।দৰাচলতে শিশুটোৰ টিকট নাছিল আৰু শিশুটোৰ পিতৃ-মাতৃয়ে শিশুটোৰ অবিহনেই বিমানত উঠিছিল।

জানিব পৰা মতে দম্পতী হালে বেলজিয়ামৰ পাছপোৰ্টত ব্ৰাছেলছলৈ যাত্ৰা কৰি আছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে তেওঁলোকে কেঁচুৱাটোৰ টিকটৰ বাবে অতিৰিক্ত ধন পৰিশোধ কৰিব লাগিব তেতিয়া তেওঁলোকে শিশুটোক বিমানবন্দৰতে শিশুটিক এৰি থৈ গৈছিল।

ৰিয়ানাৰ এয়াৰে কৈছিল যে দম্পতীহালে কেঁচুৱাটোৰ বাবে আগতীয়াকৈ টিকট ক্ৰয় কৰা নাছিল। বিমানবন্দৰৰ কৰ্মচাৰীসকলৰ মতে,তেওঁলোকে কেঁচুৱাটোক ডেস্কৰ ওচৰত এৰি পাছপোৰ্ট চেকিঙৰ বাবে আগবাঢ়িছিল।

শিশুটোক দেখি বিমানবন্দৰৰ কৰ্তৃপক্ষই বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীক অৱগত কৰিছিল। অৱশ্যে পিছত আৰক্ষীৰ সহযোগত পিতৃ-মাতৃৰ হাতত শিশুটোক গতাই দিয়া হয়।