নৱবিবাহিতা পত্নীক স্বামীয়ে জ্বলাই দিয়াৰ অভিযোগ

কেৱল তিনিমাহ পূৰ্বেহে বিবাহ সম্পন্ন হৈছিল দম্পতিহালৰ

0
87

সমগ্ৰ দেশতেই লক ডাউন চলি থকাৰ মাজতেই হোজাইৰ নীলবাগানত সংগটিত হৈছে এক জঘন্য ঘটনা৷ আজি পুৱতি নিশা নীলবাগানৰ মেথিগাঁৱত এগৰাকী নৱবিবাহিতা বোৱাৰীক নিজ স্বামীয়ে পৰিয়ালৰ সহযোগত শৰীৰত অগ্নি সংযোগ কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপণ হৈছে৷

ফাৰজানা বেগম নামৰ নৱবিবাহিতা মহিলাগৰাকীৰ ইতিমধ্যে প্ৰায় ৮০ শতাংশ শৰীৰ জ্বলি গৈছে৷ মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনি স্থানীয় একাংশ লোকে মহিলা গৰাকীক উদ্ধাৰ কৰি প্ৰথমে নীলবাগান মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ আনি পিতৃ মাতৃক খবৰ দিয়ে। পিছত অতি সংকতজনক অৱস্থাত ফাৰজানাক প্ৰথমে হোজাইৰ হাম হস্পিতালত ভৰ্তি কৰায়। কিন্তু অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

জানিব পৰা মতে, কেৱল তিনিমাহ পূৰ্বেহে বিবাহ সম্পন্ন হৈছিল দম্পতিহালৰ৷ স্বামীয়ে প্ৰায়েই ফাৰজানাক শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগীৰ পৰিয়ালে৷ অৱশ্যে আজি কিয় স্বামী আৰু পৰিয়ালে বোৱাৰী গৰাকীক হত্যা কৰাৰ চেষ্টা চলালে সেই কথা পোহৰলৈ অহা নাই৷ ইতিমধ্যে ভুক্তভোগীৰ পিতৃ মাতৃয়ে স্বামী আৰু পৰিয়ালৰ আন আন সদস্যৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাত গোচৰ তৰিছে।

Photo Credit: @sohidulalam