31 C
Guwahati
Thursday, September 29, 2022
More

    ‘জিন্স নিপিন্ধিবা এতিয়া বিয়া হ’লা’ জিন্স পিন্ধাত বাধা দিয়াৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক

    ‘জিন্স নিপিন্ধিবা এতিয়া বিয়া হ’লা’ জিন্স পিন্ধাত বাধা দিয়াৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক

    ঝাৰখণ্ডৰ জামতাৰাৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।এগৰাকী মহিলাই তাইৰ স্বামীয়ে জিন্স পিন্ধিবলৈ মানা কৰাৰ বাবেই তাই স্বামীক হত্যা কৰিছিল।ঘটনাটো জামতাৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত যোদভিতা গাঁৱত সংঘটিত হৈছে ।

    গাওঁখনৰ বাসিন্দা টুডুৰ দুমাহ আগতে পুষ্পা হেমব্ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।মঙলবাৰে নিশা পুষ্পা হেমব্ৰোমে গোপালপুৰ গাঁৱত জিন্স পিন্ধি মেলা চাবলৈ যাব বিচাৰিছিল ।

    কিন্তু তেওঁৰ স্বামীয়ে আপত্তি কৰিছিল আৰু কৈছিল যে বিবাহিত সকলে জিন্স পিন্ধি মেলা চাবলৈ যোৱা উচিত নহয়। তাৰ পিছতে তেওঁলোকৰ মাজত কাজিয়া হয় আৰু টুডুৰ পত্নীয়ে তেওঁক চুৰিৰে আঘাত কৰিছিল, যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

    পৰিয়ালৰ সদস্যসকলে আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।মৃতকৰ পিতৃ কৰ্ণেশ্বৰ টুডুৱে কৈছিল যে পুত্ৰ আৰু বোৱাৰীৰ মাজত জিন্স পিন্ধাক লৈ বিবাদ হৈছিল ।

    আৰু এই বিবাদৰ ফলত বোৱাৰীয়েকে তেওঁৰ পুত্ৰক চুৰিৰে হত্যা কৰিছিল।মহিলাগৰাকীয়ে স্বামীক হত্যা কৰাৰ কথাও স্বীকাৰ কৰিছে। এই হত্যাকাণ্ডৰ পিছত আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং