22 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বামীৰ পৰকীয়া প্ৰেমত হেঙাৰ হ’ল পত্নী! চুপাৰী কিলাৰৰ সহায়ত হত্যা পত্নীসহ সন্তানক

    এটা পৰকীয়া প্ৰেমত আৰু তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিলাসীপাৰা মহকুমা। এজন চুপাৰী কিলাৰৰ সহযোগত নিজ পত্নী আৰু দুই কন্যাক হত্যা কৰাৰ এই জঘন্য ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত |

    ঘটনাত জড়িত হত্যাকাৰীজনৰ হৈছে সমীৰ কুমাৰ বসাক,  ঘৰ বিলাসীপাৰা মহকুমাৰ আটানীত । ২০বছৰ পূৰ্বে নৰ পিশাচ সমীৰ বসাকে বিয়া কৰাইছিল বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ৱাৰ্ড দুৰ্গাবাৰীৰ ৰাখী বসাকক। সমীৰ আৰু ৰাখী বসাকৰ দুগৰাকী কন্যা ক্ৰমে ছুমি বসাক  আৰু অনিশা বসাক

    উল্লেখ্য যে, হত্যাকাৰী সমীৰ বসাকে কিছুদিন ধৰি নিজৰ খুলশালী এগৰাকীৰে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল | এই অবৈধ সম্পৰ্কই এটা সময়ত অতি গভীৰ হৈ পৰে আৰু বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু পৰকীয়া প্ৰেমত বাধা হৈ পৰে পত্নী আৰু দুই কন্যা।যাৰ বাবে নিজ পত্নী ৰাখী বসাকৰ লগতে নিজৰ দুই কন্যাক যোৱা শুকুৰবাৰে হত্যা কৰে সমীৰ বসাকে।

    জানিব পৰা মতে, পথৰ কাঁইট হিচাপে থিয় দিয়া সমীৰৰ পত্নী ৰাখী বসাক আৰু দুই কন্যাক যোৱা শুকুৰবাৰে পিকনিক্ খোৱাৰ সুযোগ লৈয়ে বিলাসীপাৰাৰ গৌৰাং নৈৰ পাৰলৈ নিয়ে | তাতে সুযোগ বুজি সমীৰ বসাকে পত্নী কন্যাক চুপাৰী কিলাৰ তালেব আলীৰ সহায়ত ডিঙি চেপি হত্যা কৰি গৌৰাং নৈৰ সোঁতত উটুৱাই দিয়ে।

    এই ঘটনাৰ পিছতে পত্নী ৰাখীৰ পৰিয়ালৰ লোকে আটানী আৰক্ষী চকীত দাখিল কৰা গোচৰৰ ভিত্তিত সমীৰ বসাক, সুপাৰি কিলাৰ তালেব আলী আৰু সমীৰৰ সৈতে পৰকীয়া প্ৰেম কৰা খুলশালীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে |এই ঘটনাই হত্যাকাণ্ডৰ পাছতেই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে |

    আৰু পঢ়ক : তীব্ৰ বেগে অহা অল্ট’-হুণ্ডাই ক্ৰেটাৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং