জঘন্য হত্যাকাণ্ড ! পত্নীৰ তাৱাৰে কোবাই কোবাই হত্যা কৰিলে স্বামীয়ে

0
3816

জঘন্য হত্যাকাণ্ড ! পত্নীৰ তাৱাৰে কোবাই কোবাই হত্যা কৰিলে স্বামীয়ে

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে |

এজন ব্যক্তিয়ে তেওঁৰ পত্নীক তাৱাৰে কোবাই হত্যা কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত স্বামীয়ে হত্যা কৰিবলৈ ৰন্ধনৰ বাবে ব্যৱহৃত এখন তাৱা ব্যৱহাৰ কৰিছিল।


বৰ্তমান, অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আদালতত হাজিৰ কৰোৱা হৈছে।

তেওঁক তিনিদিনীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি,অভিযুক্ত স্বামীৰ নাম বসন্ত সাহা যি তেওঁৰ পত্নী ৰীতা দেৱীৰ সৈতে ভাণ্ডুপত বিএমচি পৰিচালিত ৰাজহুৱা শৌচালয়ৰ দ্বাৰা প্ৰদান কৰা আৱাসত বাস কৰিছিল।

তাতে তেওঁলোক দুয়ো একেলগে কাম কৰিছিল।সোমবাৰে কোনো কথাত দুয়োৰে মাজত কাজিয়া হয় |

কাজিয়া ইমানেই ভয়ংকৰ ৰূপ লয় যে বসন্ত সাহাই পাকঘৰত থকা এখন তাৱাৰে পত্নী ৰীতা দেৱীৰ মুৰত মৰিয়াই মৰিয়াই হত্যা কৰে |

ঘটনাৰ খবৰ পোৱা লগে লগে আৰক্ষীৰ লোক উপস্থিত হয়| আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে|