পাষাণ স্বামী- ১১ দিনীয়া সন্তান থকাৰ পাছতো মৰিয়াই মৰিয়াই হত্যা পত্নীক

0
841

পাষাণ স্বামী- ১১ দিনীয়া সন্তান থকাৰ পাছতো মৰিয়াই মৰিয়াই হত্যা পত্নীক । মৰিগাঁও জিলাৰ লাহৰীঘাটত এক অমানৱিত তথা জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

লাহৰীঘাটৰ বৰচলাত এই অমানৱীয় কাণ্ড । স্বামীয়ে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ। লাহৰীঘাটৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত সাপকাঠি গাঁৱত সংগঠিত হৈছে এই কাণ্ড ।

মানুহ কিমান পাষাণ হলে ছাদিক চৌধুৰীৰ নিচিনা এনেধৰনৰ স্বামীয়ে সংঘটিত কৰিব পাৰে এনে অমানৱীয় কাণ্ড । ১১ দিন পূৰ্বে সন্তান জন্ম দিয়া অসুস্থ মহিলা এগৰাকীক মৰিয়াই মৰিয়াই হত্য়া কৰাৰ অভিযোগ। বৰ্তমানে সদ্যজাত শিশুটিৰো সংকটজনক অৱস্থা।

লাহৰীঘাটৰ সাপকাঠি গাঁৱৰ মালেকা খাতুন নামৰ এগৰাকী মহিলাৰ সৈতে একেখন গাঁৱৰে ছাদিক চৌধুৰী নামৰ লোকজনৰ বিবাহ হৈছিল ।

কিন্তু বিবাহৰ পিছৰে পৰাই সামান্য সামান্য কথাতে পত্নীৰ ওপৰত নানা ধৰণৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাইছিল স্বামী ছাদিক চৌধুৰীয়ে ।

দুয়োৰে সংসাৰত মাত্ৰ ১১ দিন পূৰ্বে এটি পুত্ৰ সন্তানৰো জন্ম হৈছিল। কিন্তু সন্তানৰ জন্মৰ পাছতো কোনো ধৰণৰ ভাৱ লেখ নাছিল পাষাণ স্বামীৰ হৃদয়ত।

অভিযোগ অনুসৰি বিয়াৰ পিছৰ পৰাই গাঞ্জা, মদ, ভাং আদি বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰি পত্নীক বহু মাৰধৰ কৰিছিল স্বামী ছাদিক চৌধুৰীয়ে।

পৰিয়ালৰ জনোৱা অনুসৰি বৰ্তমানে মাতৃৰ গাখীৰ খাবলৈ নাপাই সদ্যজাত ১১ দিনীয়া পুত্ৰ সন্তানটিৰো অৱস্থা সংকটজনক। যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হব লগা হৈছে শিশুটি।

এই ঘটনাৰ পাছতে ছাদিক চৌধুৰীৰ বিৰুদ্ধে থানাত গোচৰ তৰিছে পৰিয়ালৰ ফালৰ পৰা। গোচৰৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Input and Photo – Wasim Hussain