পত্নীক ডিঙি চেপি হত্যা কৰাৰ পাছত ৪ মহীয়া সন্তানতো ভৰিৰে গচকি হত্যা পিতৃৰ…

0
476
প্ৰতীকি ফটো

পত্নীক ডিঙি চেপি হত্যা কৰাৰ পাছত ৪ মহীয়া সন্তানতো ভৰিৰে গচকি হত্যা পিতৃৰ…

এগৰাকী অতিকে নিৰ্দয় পিতৃৰ ঘটনা পোহৰলৈ আহিছে। পত্নীত ডিঙি চেপি হত্যাৰ পাছত ৪ মহীয়া কনমানি সন্তানকো ভৰিৰে গচকি হত্যা কৰে নিষ্ঠুৰ পিতৃয়ে।

এই ভয়ংকৰ তথা হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গড়ৱা জিলাত। আৰক্ষীয়ে সদৰি কৰা অনুসৰি মৃত মহিলাগৰাকীৰ মৃতদেহ জাৱৰৰ দামত উদ্ধাৰ কৰে আৰক্ষীয়ে।

তাৰ বিপৰীতে এটি কনমানিৰ মৃতদেহ জংঘলৰ মাজত উদ্ধাৰ হয়। উদ্ধাৰ হোৱা দুয়ো মৃতদেহৰ তদন্ত কৰোতেই ওলাই পৰে এই ভয়ংকৰ তথ্য।

দুমাহ পূৰ্বেই উদ্ধাৰ হৈছিল দুয়োটা মৃতদেহ। দুটা মাহ ধৰি চলা তদন্তৰ অন্তত হে পোহৰলৈ আহে সমস্ত ঘটনা। প্ৰেম বিবাহ হৈছিল যুৱক-যুৱতী হালৰ। কিন্তু দুয়োৰে জাত বেলেগ বেলেগ হোৱাৰ বাবে সমাজৰ পৰা আঁতৰি আছিল দুয়ো।

বিবাহৰ ফলত দুয়োৰে জীৱনলৈ এটি কন্যা সন্তানো আহে। পাছে সেই সময়তেই যুৱকগৰাকীৰ পৰিয়ালে অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহ ঠিক কৰে । যাৰ পাছৰে পৰা পত্নী আৰু কন্যাৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে যুৱকে।

শেষত কোনো অন্য উপায় নেদেখি নিজেই দুয়োকে হত্যা কৰি মৃতদেহ দুটা অন্য অন্য ঠাইত পেলাই দিয়ে। সমস্ত ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰে।