কন্যাৰ সমুখতে পত্নীক কাটি দুচেও কৰিলে স্বামীয়ে, পিছত নিজেও কৰিলে বিষ পান
এক অতিকে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। কন্যাৰ সমুখতে পিতৃয়ে মাতৃক কাটি দুচেও কৰে। কেৱল মাতৃকে নহয়, কন্যাকো প্ৰাণে মৰাৰ প্ৰয়াস কৰে পিতৃয়ে। পিছে কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় কন্যা।
কন্যাক হত্যা কৰিবলৈ সক্ষম নহলেও নিজেও পিছত বিষপান কৰি আত্মহত্যা কৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। পলাই সাৰিবলৈ সক্ষম হোৱা কন্যাই পাছত সকলোৰে আগত সবিস্তাৰে বাখ্যা কৰে সমগ্ৰ ঘটনা।
আৰক্ষীয়ে ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আহি উপস্থিত হয় আৰু দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে কন্যাৰো ভাষ্য সংগ্ৰহ কৰে।
পুৱতি নিশা প্ৰায় ৪ মান বজাত এই ঘটনা সংঘটিত হয়। শুই থকা অৱস্থাতে হঠাতে পিতৃয়ে তেনে কাণ্ড সংঘটিত কৰে। অৱশ্যে কি কাৰণে তেনে কাম কৰিলে সেই সন্দৰ্ভত বৰ্তমানলৈ কেনে ধৰণৰ কথা স্পষ্ট হোৱা নাই।
কিশোৰী কন্যাও নাজানে পিতৃয়ে কিয় তেনে এক কাম সংঘটিত কৰিলে। আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে। আনহাতে চুবুৰীয়াই জনোৱা অনুসৰি প্ৰায়ে স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈ থাকে। মনোমালিন্যৰ বাবেই তেনে এক ঘটনা সংঘটিত হোৱা বুলি চুবুৰিয়াৰ সন্দেহ
আৰু পঢ়ক : দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা শিক্ষয়িত্ৰীৰ সন্মানত গুগলৰ আজিৰ ডুডল