বিয়াৰ নীতি-নিয়ম শেষ হৈছেহে মাথো, গাৰ পৰা মাহ হালধিৰ গোন্ধ নাযাওঁতেই স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ।
বিয়াৰ মাত্ৰ নদিনৰ পাছতেই স্বামীয়ে ডিঙি ৰেপি হত্যা কৰিলে নিজ পত্নীক ।অতি হেপাঁহত নিজ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিল নৱ বিবাহিত দম্পতীহাল। কিন্তু কোনে জানে এইয়াই আছিল আফছানাৰ শেষৰ সাজ ভাত। পাষান স্বামীৰ হাতত শেষ নিশ্বাস এৰিলে অফছানাই।
ঘটনা অনুসৰি শুকুৰবাৰে পশ্চিম কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত শহুৰেকৰ ঘৰত নিমন্ত্ৰণ খাবলৈ গৈছিল আকিব উদ্দিন আৰু আফছানা । নিশাৰ আহাৰ খাই পত্নী আফছানাৰ সৈতে একেলগে শুইছিল আকিব উদ্দিন । কিন্তু মাজ নিশা ঘটিল অঘটন। পাষাণ আকিবে অন্তৰংগ মুহুৰ্ততেই ডিঙি চেপি হত্যা কৰে আফাছানাক।
পিছে হত্যাৰ কাৰণ শুনিলে আপোনাৰো চকু কপালত উঠিব। আকিবৰ মতে নিশা উত্তেজক ঔষধ খাই পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰাৰ সময়ত হেনো ডিঙিত হাতৰ হেঁচা পৰাৰ ফলত পত্নী আফছানাৰ মৃত্যু হৈছিল
হত্যাৰ পিছত হত্যাকাৰী স্বামীয়ে হত্যাৰ সন্দেহ আনৰ উপৰলৈ অহাৰ উদ্দেশ্যে ঘৰৰ বাহিৰত থৈ আহিছিল পত্নীৰ মৃতদেহ । আফছানাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ লগতে ঘাতক আকিব আলীক আটক কৰি থানালৈ লৈ আহে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Input credit: Shambu Das Choudhury