পত্নীক ডিঙি চেপি হত্যা কৰা স্বামীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

0
123
প্ৰতিনিধিত্বমূলক চিত্ৰ

উত্তৰাখণ্ডৰ এখন জিলা আদালতে পাঁচ বছৰ পূৰ্বে পত্নীক ডিঙি চেপি হত্যা কৰাৰ অপৰাধত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

তথ্য অনুসৰি, ডেৰাডুনৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চন্দ্ৰমণি ৰায়ে অভিযুক্ত অভিষেক শৰ্মাক দোষী সাব্যস্ত কৰি সোমবাৰে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০১৭ চনৰ ১৬ এপ্ৰিলত হোৱা ঘৰুৱা কাজিয়াৰ সময়ত পত্নী নীতীক ডিঙি চেপি হত্যা কৰিছিল।

চৰকাৰী অধিবক্তা জে কে যোশীয়ে কয় যে আদালতে শৰ্মাৰ ওপৰত ৫ হাজাৰ টকা জৰিমনাও বিহিছে।

উল্লেখ্য যে এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতে অভিযুক্ত স্বামীয়ে আৰক্ষীক মাতি আনি নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰে।

অধিবক্তাগৰাকীয়ে কয় যে শৰ্মাৰ ১১ বছৰীয়া পুত্ৰ এই গোচৰৰ মূল সাক্ষী আছিল, যাৰ বক্তব্যই তেওঁৰ পিতৃক দোষী সাব্যস্ত কৰাত সহায় কৰিছিল।

পুত্ৰই আদালতত কয় যে ঘটনাৰ দিনটোত পিতৃ-মাতৃয়ে নিজৰ কোঠাত ইজনে সিজনৰ লগত কাজিয়াত লিপ্ত হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিতে হত্যাকাণ্ডটো সংঘটিত হয়।