মৃত্যুৰ আগৰ শেষৰখন সপত্নীক ফটো। স্বামীয়ে প্ৰথমে ক্লিক কৰিলে ছেল্ফী, ইয়াৰ পিছতে হাজাৰ ফুট উচ্চতাৰ পৰা ঠেলা মাৰি পেলাই হত্যা কৰিলে পত্নীক।
এই ঘটনা সংঘটিত হৈছে তুৰ্কীত। হাকান আয়ছল(৪০) আৰু সমেৰা আয়ছল(৩২) নামৰ স্বামী স্ত্ৰীহালে অৱসৰ বিনোদনৰ কাৰণে তুৰ্কীৰ মুগলা চহৰলৈ গৈছিল। সমেৰা ৭ মাহৰ গৰ্ভৱতী আছিল। আয়ছল পৰিয়ালে ১০০০ ফুট এখ পাহাৰ এটাত বহি আছিল।
দুয়ো প্ৰথম একেলগে এখন ছেল্ফী লৈছিল। তাৰ পিছতে গৰ্ভৱতী পত্নীক হাজাৰ ফুট উচ্চতাৰ পৰা ঠেলা মাৰি দিয়ে বুলি অভিযোগ উত্থাপন হৈছে।
এই ঘটনা সন্দৰ্ভত অধিবক্তাই কয় যে হাকানে পূৰ্বৰ পৰা এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। সেইকাৰণে পাহাৰটোত ৩ ঘণ্টা পৰ্যন্ত বহিছিল।
যাতে পাহাৰটোত কোনো নোহাৱাৰ সুবিধা লৈ পত্নীক হত্যা কৰিব পাৰে।
দুয়োয়ে বিয়াৰ পূৰ্বে বীমা কৰাইছিল। এই বীমাৰ পইচাৰ লোভত এই কাৰ্য কৰা বুলিও অধিবক্তাই দাবী কৰে।
এই সন্দৰ্ভত হাকানে কয় যে “মই এই কাম কৰা নাই। মই মোৰ পত্নীক হত্যা কৰা নাই। মই ফটো উঠাৰ পাছত ফনটো পত্নীৰ বেগত সোমোৱাই থৈছিলো। ইয়াৰ পাছতে তাই মোৰ পৰা ফোনটো খুজিছিল। মই উঠি বেগটোৰ পৰা ফোনটো আনিবলৈ যাওঁতেই মোৰ পত্নীৰ চিঞঁৰ শুনা পাইছো। যেতিয়া মই ঘুৰি চাওঁ তেতিয়ালৈ তেওঁ তললৈ পৰিছিল। মই তাইক হত্যা কৰা নাই।”
আৰু পঢ়ক : ঐতিহাসিক ক্ষণঃ ভাৰতৰ দীৰ্ঘতম নদী দলং সহ দুখন ব্ৰহ্মপুত্ৰৰ বুকুৰ দলঙৰ ভূমি পূজন