ৰাজ্যত ভয়ংকৰ ঘটনা, এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা

0
229
ৰাজ্যত ভয়ংকৰ ঘটনা, এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা

ৰাজ্যত ভয়ংকৰ ঘটনা, এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা

ৰাজ্যত ভয়ংকৰ ঘটনা, এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা। লখিমপুৰ জিলাৰ ৰঙাজানত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

শোৱাপাটীতে দুগৰাকী মহিলাক এচিডেৰে আক্ৰমণ কৰিলে দুৰ্বৃত্তই। গুৰুতৰভাৱে আহত ৰেহেনা বেগম আৰু নুৰেদা বেগম নামৰ দুগৰাকী মহিলা।

ৰেহেনা বেগমৰ স্বামী ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। ১০ বছৰ পূৰ্বে ৰেহেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল।

কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনাৰ ওপৰত প্ৰায়ে শাৰীৰিক আৰি মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল স্বামীয়ে।

আনকি ৩ মাহ পূৰ্বে ৰফিকুলে মৰিয়াই-মৰিয়াই পত্নী ৰেহেনাৰ হাত ভাগি দিছিল । তেতিয়াৰ পৰাই মাকৰ ঘৰত আছিল ৰেহেনা।

পৰিস্থিতি কিছু শান্ত হোৱাত লগতে স্বাস্থ্যও পূৰ্বতকৈ কিছু উন্নতি হোৱাক কালি পৰিয়ালৰ আত্মীয় লোকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মহিলা গৰাকী। পিছে তাতেই সংঘটিত হয় অঘটন।

মাজ নিশা ঘৰৰ দুৱাৰ কাটি এচিড ঢালিলে পত্নীৰ লগতে পত্নীৰ কাষতে শুই থকা আন এগৰাকী মহিলাৰ শৰীৰতো। লগে লগে হুৱাদুৱা লাগি যায় সকলোতে। আনহাতে ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন এচিড আক্ৰমণকাৰীৰ।

নিশাই ততাতৈয়াকৈ এচিড আক্ৰমণৰ বলি হোৱা দুয়োগৰাকী মহিলাকে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু পৰিস্থিতি কিছু গম্ভীৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
আক্ৰমণকাৰী স্বামী ৰফিকুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : মিছ য়ুনিভাৰ্ছ হাৰনেজ সান্ধুৱে মঞ্চত কি জন্তুৰ মাত উলিয়াইছিল?