31 C
Guwahati
Sunday, September 19, 2021
More

    বহু পৰিকল্পনাৰে স্বামী-স্ত্ৰীয়ে বীভৎস ৰূপত হত্যা কৰিলে বৃদ্ধাক, পিছে দুৰ্কপাল চিচি কেমেৰাই কৰি পেলালে পণ্ড

    বহু পৰিকল্পনাৰে স্বামী-স্ত্ৰীয়ে বীভৎস ৰূপত হত্যা কৰিলে বৃদ্ধাক, পিছে দুৰ্কপাল চিচি কেমেৰাই কৰি পেলালে পণ্ড

    অতি কৌশল খটুৱাই বহু পৰিকল্পনাৰে এহাল স্বামী-স্ত্ৰীয়ে হত্যা কৰিলে এগৰাকী বৃদ্ধাক। ঘৰত কোনো নথকাৰ সুযোগতে হত্যা কৰি পাচলি কটা কটাৰিৰে কেইবা টুকুৰা কৰি তিনিটা বস্তাত ভৰাই নলাত পেলাই পলায়ন কৰে। পিছে দুৰ্কপাল, চিচি কেমেৰাই সকলো পণ্ড কৰি পেলায়।

    এই ঘটনা ৰাজধানী দিল্লীৰ। এহাল দম্পতিয়ে হত্যা কৰে কাষৰে এপাৰ্টমেণ্টত থকা ৭৫ বছৰীয়া এগৰাকী বৃদ্ধাক। কিয়নো বৃদ্ধাই ধাৰে দিয়া টকা উভতাই বিচাৰিছিল অনিল নামৰ লোক জনক। পিছে লোক জনে সেই টকা উভতাই দিয়াৰ সলনি পত্নীৰে সৈতে মিলি বৃদ্ধাক হত্যাৰ পাং পাতে।

    সেই অনুসৰিয়েই এদিন কোনো অন্য পৰিয়ালৰ সদস্য নথকাৰ সুযোগতে বৃদ্ধাক হত্যা কৰি পিছত দুয়ো হত্যাকাৰী সেই স্থানৰ পৰা পলাই যায়। যাতে এই হত্যা হোৱাৰ সময়ত তেওঁলোক তাত উপস্থিত নাছিল বুলি প্ৰমাণ হয়।

    পিছে বৃদ্ধাৰ ঘৰৰ দুৱাৰমুখতে গোপনে থকা চিচ টিভিৰ কথা নজনা দম্পতিহাল ধৰা পৰি যায়। চিচি কেমাৰাত ঘৰটোৰ পৰা তিনিটা বেগ লৈ ওলাই যোৱা দেখা যায় দুয়ো স্বামী-স্ত্ৰীক।

    পিছত আৰক্ষীয়ে দুয়ো স্বামী-স্ত্ৰীক বিচাৰি ধৰি আনি সোধ পোচ কৰোতেই সকলো সৈ কাঢ়ে দুয়ো । দিল্লী আৰক্ষীয়ে দুয়োকে উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশলৈ বিচাৰি অৱশেষত বৰেলীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    গ্ৰেপ্তাৰৰ পিছতেই সোধ পোচত সৈ কাঢ়ে কিদৰে আৰু কিয় বৃদ্ধাক হত্যা কৰে।

    আৰু পঢ়ক : পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ! চীনৰ লোকৰ লগতে প্ৰায় ১৩ জনৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং