কাজিয়াৰ ভয়ংকৰ পৰিণতি! পত্নীৰ শৰীৰত অগ্নিসংযোগ, স্বামীয়ো আহত

0
5608
কাজিয়াৰ ভয়ংকৰ পৰিণতি! পত্নীৰ শৰীৰত অগ্নিসংযোগ, স্বামীয়ো আহত

ধুবুৰী জিলাৰ বিলাসীপাৰাত স্বামী – স্ত্ৰীৰ কাজিয়াৰ ভয়ংকৰ পৰিণতি। স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়া লাগি শৰীৰত কেৰাচিন ঢালি জুই লগাই আত্মহত্যাৰ চেষ্টা পত্নীৰ।

এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ বাতাপাৰা গাঁৱত। গাঁও খনৰ মাহমুদা বেগম নামৰ মহিলা গৰাকীৰ আজিৰ পৰা ৭ বছৰ পুৰ্বে বিয়া হৈছিল আঙ্গাৰকাটা গাঁৱৰ ছাহজাহান আলীৰ সৈতে।

সকলো ঠিকে গৈছিল। ৭ টা বছৰে সাধাৰণ ভাৱেই চলাই গৈছিল সংসাৰ। ঘটনাৰ দিনাও স্বামী সহ মাহমুদা বেগম ফুৰিবলৈ গৈছিল মাতৃগৃহত।

পাছে বাতাপাৰাত থকা মাতৃৰ গৃহত নিশা স্বামী আৰু জ্যেষ্ঠ ভগ্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় মাহমুদাৰ।

কাজিয়া ইমানেই অধিক বৃদ্ধি পাই যে, শেষত একো কব নোৱাৰা হৈ মাহমুদাই নিজৰ শৰীৰত কেৰাচিন ঢালি জুই লগাই আত্মহত্যাৰ চেষ্টা কৰে।

ততাতৈয়াকৈ মাহমুদাক ঘৰৰ মানুহে উদ্ধাৰ কৰি অগ্নিদগ্ধ অৱস্থাত বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।

কিন্তু মাহমুদাৰ শাৰীৰিক অৱস্থা অধিক সংকটজনক হৈ পৰাত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাত মাহমুদাৰ শৰীৰৰ জুই নুমাব লৈ গৈ স্বামী ছাহজাহানো কিছু পৰিমাণে অগ্নিদগ্ধ হয়।

বৰ্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে অগ্নিদগ্ধ মহিলা গৰাকীয়ে।

Input and photo – Afrajul Islam

আৰু পঢ়ক :- দৈনিক ৰাশিফল, কেনে যাব আজি পহিলা জেঠ মাহৰ দিনটো, জানক ৰাশি অনুসৰি কি কি শুভ কি কি অশুভ