23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ছমহীয়া অন্তঃসত্বা বোৱাৰীক স্বামী আৰু শাহুৰ অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ

    ছমহীয়া অন্তঃসত্বা বোৱাৰীক স্বামী আৰু শাহুৰ অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ। আমগুৰিত সংঘটিত হৈছে এই ঘটনা।

    অভিযোগ অনুসৰি আমগুৰিৰ এগৰাকী যুৱতী প্ৰেম বিবাহ সুত্ৰে শিৱসাগৰ জিলাৰ কালুগাঁও অঞ্চলৰ অংকুৰ ৰঞ্জন দত্ত নামৰ যুৱক জনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল |

    কিন্তু বিবাহৰ পিছতেই মহিলাগৰাকীৰ জীৱনলৈ নামি আহিল এজাক কাল ধুমুহা |প্ৰায় প্ৰতিদিনেই স্বামী অংকুৰ ৰঞ্জন দত্ত আৰু শাহু অম্বীকা দত্তই চলাইছিল মানসিক নিৰ্যাতন |

    উল্লেখ্য যে, ছমহীয়া অন্তঃসত্বা বোৱাৰী গৰাকীয়ে স্বামীৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰাৰ দুমাহৰ পিছতো কোনো ন্যায় নোপোৱাত “ৱাৰিঅৰ্ছ” নামৰ এটি মহিলা সংগঠনৰ কাষ চাপে |

    “ৱাৰিঅৰ্ছ” নামৰ মহিলা সংগঠনটোৱে ভুক্তভোগী অভিযোগৰ ভিত্তিত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি অহাত শাহু অম্বীকা দত্তই কৌশলগতভাৱে “ৱাৰিঅৰ্ছ”ৰ বিৰুদ্ধে ভুৱা গোচৰ তৰা বুলিও অভিযোগ উত্থাপন হৈছে |

    মহিলা সংগঠনটোৰ মতে, এগৰাকী নিৰ্যাতিতা বোৱাৰীৰ হৈ ন্যায় বিচৰাটোৱেই অপৰাধ হৈ পৰিল | এফালে স্বামী শাহুৰ বোৱাৰী নিৰ্যাতন আনফালে ন্যায় বিচৰা মহিলা সংগঠনৰ বিৰুদ্ধে এজাহাৰ দাখিল |

    সভ্য সমাজৰ লজ্জানত কাণ্ডই এতিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

    Input – Jiaruddin Ahmed

    আৰু পঢ়ক : চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীয়ে হত্যা কৰিলে স্বামীৰ! গাঁত খান্দিহে উলিয়ালে মৃতদেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং