34 C
Guwahati
Friday, August 5, 2022
More

    চাঞ্চল্য, অন্তঃসত্ত্বা পত্নীক ফাঁচী লগাই হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে…

    চাঞ্চল্য, অন্তঃসত্ত্বা পত্নীক ফাঁচী লগাই হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে…বৰপেটা জিলাত সংঘটিত হৈছে এই ঘটনা।

    বৰপেটা জিলাক জনীয়াৰ চালেকুৰাত স্বামীয়ে অন্তঃসত্ত্বা পত্নীক ফাঁচী লগাই হত্যাৰ কৰাৰ অভিযোগ পত্নীৰ পৰিয়ালৰ লোকৰ। স্বামীয়ে পৰকীয়া প্ৰেমৰ বাবেই এইদৰে হত্যা কৰাৰ অভিযোগ।

    বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াত এই হত্যাৰ অভিযোগ উত্থাপন হৈছে। স্বামীৰ লগতে শহুৰেকৰ ঘৰৰ মানুহে বোৱাৰীক চিলিং ফেনত ওলোমাই হত্যা কৰে বুলি বোৱাৰীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।

    উল্লেখযোগ্য যে ৪৩ নং বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমুল্লীপাৰা গাঁৱৰ আব্দুল জলিলৰ কন্যা জেৰিফা খাতুন চালেকুৰা গাঁৱৰ ৰৌশন আলীৰ পুত্ৰ বাহাৰুল ইছলামৰ সৈতে প্ৰায় এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ৷

    কিন্তু বিবাহৰ পাছতে পৰৱৰ্তী সময়ত স্বামীয়ে অন্য মহিলাৰ সৈতে প্ৰেমত লিপ্ত হয়। যি বিষয়ে পত্নী নিজ চকুৰে প্ৰত্যক্ষ কৰে স্বামীক অন্য মহিলাৰ সৈতে।

    যাৰ পাছৰে পৰা বাহাৰুল ইছলামে পত্নীক শাৰিৰীক আৰু মানসিক ভাৱে অসান্তি কৰিবলৈ আৰম্ভ কৰে।

    শেষত ৪ আগষ্ট বৃহস্পতিবাৰে দিনৰ ভাগত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ন-বোৱাৰীগৰাকীৰ মৃতদেহ। যি সময়ত মহিলাগৰাকী অন্তঃসত্ত্বা আছিল বুলিও সদৰি কৰে।

    ঘটনাৰ পাছকে বৰপেটা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    Input and Photo- Jabed Ali

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং