28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাৰ ভয়াবহতাৰ মাজতে আশাৰ বতৰা! ঢকুৱাখনাৰ শ শ মহিলা ব্যস্ত মুগা পালনত

    কৰ’ণাৰ ভয়াবহতাৰ মাজতে আশাৰ বতৰা! ঢকুৱাখনাৰ শ শ মহিলা ব্যস্ত মুগা পালনত

    ঢকুৱাখনাত মুগা পালনত ব্যস্ত হৈ পৰিছে একাংশ কৰ্মোদ্যমী মহিলা।পুৰুষৰ সমানে সমানে কাম কৰি সোণালী সূতাৰ দেশ খ্যাত ঢকুৱাখনাৰ প্ৰায়বিলাক চোমনীতে সোণৰ দৰে জিলিকিব ধৰিছে শ শ মহিলাৰ কৰ্মময় জীৱন।যি কৰ্মই সোণসেৰীয়া জীৱন গঢ়াৰ লগতে নকৈ উজ্জীৱিত কৰিছে ৰেছম বিপ্লৱক।

    অসমৰ মুগা উদ্যোগ এটি অতি আপুৰুগীয়া আৰু প্ৰাচীন কৃষিভিত্তিক গ্ৰাম্য উদ্যোগ। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৃতিক দিশত ইয়াৰ গুৰুত্ব অশেষ।

    সম্প্ৰতি দেশৰ লগতে বিদেশতো অসমৰ সোণালী সুতাৰ কাপোৰৰ চাহিদা বৃদ্ধি পাইছে । ঢকুৱাখনাৰ বহু লোকে মুগা পালনক বৃত্তি হিচাপে গ্ৰহণ কৰি প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে নিজৰ পৰিয়ালক আৰ্থিক দিশটো টনকিয়াল কৰি আহিছে। ৰাজ্যত অব্যাহত থকা কৰ’ণাসৃষ্ট পৰিৱেশৰ মাজতেই ৰাজ্যৰ ৰেচম উদ্যোগলৈ আনিছে এক আশাৰ বতৰা ।

    কৰ’ণা কেন্দ্ৰীক ভয়াবহতা আৰু আংশিক ল’কডাউনৰ মাজতেই মুগা পালনত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ শতাধিক মহিলা।এইসকল উদ্যমী মহিলাই পুৰুষৰ সমানে সমানে হাতে হাতে ধনু–গুটি লৈ পুৱাৰ পৰা সন্ধিয়ালৈকে অন্তহীন ব্যস্ততাৰে পাৰ কৰিছে মুগা চোমনিত।

    কেৱল মুগা পালন কৰায়ে নহয় তেওঁলোকে সেইমুগা সুতাৰে ঘৰৰ তাঁতশালত ন ন বস্ত্ৰ তৈয়াৰ কৰি সেইবিলাকবজাৰত বিক্ৰী কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হৈও পৰিছে।চৰকাৰ তথা বিয়াগোম ৰেচম বিভাগৰ আৰ্থিক সহায়-সহযোগিতা,দিহা-পৰামৰ্শৰ অবিহনেই মুগা পালনেৰে প্ৰচুৰভাবে লাভাবান্বিত হোৱাই নহয়, আত্ম নিৰ্ভৰশীলতাৰ অনুকৰণীয় দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে এই সকল মহিলা।

    চৰকাৰৰ আঁচনিয়ে তথা ৰেচম বিভাগ আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনে সহায়ৰ হাত আগবঢ়ালে এইসকল মহিলাৰ দ্বাৰাই চোমনী শিল্পক স্বাবলম্বীতাৰ লগতে পৰ্য্যতনথলী হিচাপেও নিৰ্মাণ কৰি ঢকুৱাখনাৰ লগতে সমগ্র অসমৰে অৰ্থনৈতিক কাঠামোটোক সলনি কৰি দিব পৰা যাব বুলি ভবাৰ থল নিশ্চয়কৈ আছে।

    Photo and input: জিন্টু কোঁচ।

    আৰু পঢ়ক : ‘দ্যা নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন অসমৰ দ্বীপজ্যোতি কলিতাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং