বাল্য বিবাহ কৰাই বিপদত শতাধিক লোক ; আৰক্ষীৰ মাৰাথন অভিযান

0
51

বাল্য বিবাহ কৰাই বিপদত শতাধিক লোক ; আৰক্ষীৰ মাৰাথন অভিযান

বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে |

নাবালিকা ছোৱালীৰ লগত অবৈধভাৱে বিয়া কৰাই এতিয়া আটক হৈছে বহু যুৱক |

আৰক্ষীয়ে নিশাৰ পৰা চলোৱা এই অভিযানত গোলাঘাটৰ পৰা ১৩ জনক আটক , মৈৰাবাৰীৰ পৰা ২ জনক আটক , চৰাইদেউ জিলাত নিশাৰ পৰা এতিয়া লৈকে ৪৯ গৰাকীক আটক কৰিবলৈ সক্ষম হৈছে |

আনহাতে মৰিগাঁৱৰ পৰা ৬০ জনতকৈ অধিক লোকক আটক কৰিছে |

যোগীঘোপাত ২১ গৰাকী , বৰপেটা ৰোডত ১৩ গৰাকী, যোৰহাটত ২৫ গৰাকী , শিৱসাগৰত ১০ গৰাকী, অভয়াপুৰীৰ বিভিন্ন স্থানৰ পৰা মুঠ ১৪ গৰাকী,

ওদালগুৰিৰ পৰা দুগৰাকীক, চিৰাঙত মুঠ ৪০ গৰাকী , হাজোৰ পৰা ১২ গৰাকীক,

কামপুৰৰ পৰা ৫ গৰাকীক , যোৰহাটত ২৫ গৰাকীকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে |