স্বস্তিৰ নিশ্বাস! তালিবানীয়ে দিলে বৃহৎ সকাহ, প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে চুক্তি

0
326
স্বস্তিৰ নিশ্বাস! তালিবানীয়ে দিলে বৃহৎ সকাহ, প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে

স্বস্তিৰ নিশ্বাস! তালিবানীয়ে দিলে বৃহৎ সকাহ, প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে চুক্তি

আফগানিস্তান দখল কৰি থকা তালিবানৰ ফালৰ পৰা আহিছে এক বৃহৎ খবৰ। কিছু স্বস্তিৰ নিশ্বাস পেলালে আফগানিস্তানৰ লোকে। তালিবানীয়ে বিশ্বৰ প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে বিশেষ চুক্তি।

আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, তুৰ্কী আদি দেশৰ সৈতে বিশেষ চুক্তি। সেই দেশ কেইখনৰ কোনো নাগৰিক যদি আফগানিস্তানত আৱদ্ধ হৈ আছে, আৰু যদি সেই সকল লোকৰ হাতত সঠিক নথি পত্ৰ আছে, তেন্তে সেইসকলক নিজ নিজ দেশলৈ উভতি যোৱাত কোনো বাধা নাই, সুকলমে, সোশৰীৰে উভতি যাব পাৰিব দেশলৈ।

আনহাতে কোনো আফগানী লোকেও যদি কোনো অন্য দেশলৈ যাব বিচাৰে যাব পাৰিব, সেই ক্ষেত্ৰতো নাথাকিব কোনো বাধা। অৱশ্যে লগত থাকিব লাগিব কোনো ভেজাল নথকা সঠিক নথি পত্ৰ।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা সদৰি কৰা হৈছে এই খবৰ। লগতে কৈছে দেশ সমূহে নিজ নিজ দেশৰ নাগৰিকক উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰে এই ক্ষেত্ৰত তালিবানৰ ফালৰ পৰা কোনো ধৰণৰ বাধা নাপায়।

আৰু পঢ়ক : ভদীয়া বানত ককবকাইছে মানুহ-জীৱই, ভূমিৰ সলনি নাৱত কটাইছে জীৱন, কাজিৰঙাৰো ৬০% পানীৰ তলত