আশ্চৰ্যকৰ খবৰ ! পুনৰ নিজে নিজে আহিব যি কোনো কাৰণতে দেহৰ পৰা এৰাই যোৱা হাত-ভৰি , বিজ্ঞানীয়ে দিলে সেউজ সংকেট

0
1

আশ্চৰ্যকৰ খবৰ ! পুনৰ নিজে নিজে আহিব যি কোনো কাৰণতে দেহৰ পৰা এৰাই যোৱা হাত-ভৰি , বিজ্ঞানীয়ে দিলে সেউজ সংকেট

এবাৰ শিং ভাঙি যোৱাৰ পিছত হৰিণাই তাৰ ভঙা শিংবোৰ পুনৰ গজায় ল’ব পাৰে। জেঠিয়েও তাৰ নেজ এবাৰ ছিঙি যোৱাৰ পিছত আকৌ আহি গৈছিল। তেন্তে মানুহে নিজৰ কটা হাত আৰু ভৰি পুনৰ আনিব পাৰিবনে ? এই মুহূৰ্তত সেয়া সম্ভৱ নহলেও কিন্তু এই কামত আৰু বেছি সময় নালাগিব।

মানুহে এই সামৰ্থ্য প্ৰাপ্ত কৰাৰ বাবে আৰু মাত্ৰ এখোজ দূৰত আছে।মানুহৰ শৰীৰত হাত আৰু ভৰি পুনৰ আহিব পৰা কোষটো সুমুৱাবলৈ চেষ্টা কৰি থকা হৈছে। এই কোষটোৰ নাম হৈছে ব্লাষ্টেমা কোষ। এইটো হৰিণৰ শৰীৰত পোৱা যায়।

এতিয়া বিজ্ঞানীসকলে মানুহৰ সুবিধাৰ বাবে একেটা ব্লাষ্টেমা কোষ ব্যৱহাৰ কৰিব বিচাৰিছে।চীনৰ জিয়ানৰ নৰ্থৱেষ্টাৰ্ণ পলিটেকনিকেল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এনে ধৰণৰ পৰীক্ষা কৰি আছে। আশ্চৰ্যজনকভাৱে,বিজ্ঞানীসকলে হৰিণৰ শৰীৰত পোৱা ব্লাষ্টেমা প্ৰজনন কোষবোৰ এটা নিগনি শৰীৰত দিছিলে।

তাৰ ৪৫ দিনৰ পিছত,নিগনিটোৰ মূৰত এটা শিঙৰ দৰে আকৃতি দেখা গৈছিল। এই কথাৰ পৰা বিজ্ঞানীসকলে আশা কৰিছে যে মানুহৰ শৰীৰৰ ব্লাষ্টেমা কোষবোৰে হাড় আৰু কাৰ্টিলেজ পুনৰ সৃষ্টি কৰিব পাৰিব। অৱশ্যে তাৰ কাৰণে তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ’ব।