২৮ বছৰ পূৰ্বৰ সেই ‘হাম আপকে হে কোন’ ছবিৰ ষ্টাইলিছ ৰীটা এতিয়া কেনে আছে, চিনি পাবনে আপুনি…
১৯৯৪ চনৰ আজিৰ দিনটোতেই মুক্তি পাইছিল এভাৰগ্ৰীন ছবি ‘হাম আপকে হে কোন’। যি ছবিয়ে আজিয়ো দৰ্শকক আকৃষ্ট কৰে। যি ছবিৰ গান আজিয়ো প্ৰায়ে ভিন্ন অনুষ্ঠানৰ লগতে বিবাহ আদিত শুনিবলৈ পোৱা যায়।
ছলমান খান আৰু মাধুৰী দিক্ষিতৰ ৰোমাণ্টিত যুটিয়ে আজিয়ো ৰোমাঞ্চিত কৰি তোলে বহু জনক। পাছে সেই ছবিতেই থকা আন এগৰাকী ষ্টাইলিছ অভিনেত্ৰী ৰীটা মনত আছেনে আপোনাৰ।
ছবিখনত প্ৰেম নামৰ ছলমান খানৰ কইনা হোৱাৰ সপোন দেখা সেই ৰীটা আজি একেবাৰে শূণ্য জনপ্ৰিয়াতৰ মাজত। বৰ্তমানৰ ৰীটা আৰু সেই তাহানীৰ ষ্টাইলিছ ৰীটাৰ মাজত আকাশ পাতাল পাৰ্থক্য।
সেই ৰীটা ৰূপী অভিনেত্ৰী গৰাকী হৈছে ছাহিলা ছড্ডা। পাছে ছাহিলাও কোনো এলাপেচা নাছিল। মিছ ইণ্ডিয়া খিতাপ ধাৰী আছিল ছাহিলা। সৌন্দৰ্যৰ বাবে পাইছিল বহুতো ছবিত কাম।
হাম আপকে হে ছবিটো মাধুৰী দিক্ষিতৰ চৰিত্ৰটো কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ছাহিলাই। অৱশ্যে সেই সময়ত মাধুৰী দিক্ষিতৰ জনপ্ৰিয়াতাৰ বাবে ৰীটাৰ চৰিত্ৰ লাভ কৰিছিল ছাবিলাই।
কেৱল মাত্ৰ ১০ বছৰ বয়সতে মডেলিং আৰম্ভ কৰা ছাহিলাই বলীউডত হাম আপকে হে কোনৰ উপৰিও কাম কৰিছিল অন্য কেইবাখনো ছবিত।

১৯৮৫ চনত আই লাভ ইউ ছবিৰে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰা ছাহিলাই নাছমঝ, বীৰাণা, নাছে নাগীন গলী গলী, ছেলাফ, গংগা ঔৰ ৰংগা, ধৰ্ম সংকট, নমক, অৱ ইঞ্চাফ হোগা, আণ্টী নম্বৰ ১ আদিৰ দৰে বহু কেইখনত কাম কৰিছিল।
পাছে কোনোদিনে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিব নোৱাৰিলে ছাহিলাই , অৱশেষত অভিনয় জগতৰ পৰা বিদায় লয় ছাহিলাই। তাৰ পাছত যেন সকলোৱে পাহৰি যায় সেই ষ্টাইলিছ তথা সুন্দৰী ছাহিলাক।
কিন্তু সদ্যহতে হাম আপকে হে কোন ছবিৰ তাৰকা সকলৰ সৈতে মিলিত হৈ সকলোৰে সৈতে উঠা ফটো দেখিহে পুনৰ চৰ্চালৈ আহে ছাহিলা। ছাহিলাৰ বৰ্তমানৰ ৰূপ দেখিয়ো আচৰিত হৈ পৰে সকলো।