
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
এটা গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষী আৰু এছ এছ বিৰ যুটীয়া অভিযানকাৰী এটা দলে শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ কচুগাঁৱত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্বাৰ কৰে।
জানিব পৰা অনুসৰি এই অস্ত্ৰ সমূহ নৱগঠিত এনএলএফবি গোটক প্ৰদান কৰাৰ উদ্দেশ্যে এইদৰে মজুত কৰি ৰাখিছিল।
উদ্বাৰ হোৱা বিস্ফোৰক সামগ্ৰী সমূহ হৈছে- গেলেটিন ষ্টিক ৮৭, ২০০ ডিটোনেটৰ, দেশত নিৰ্মিত দুটা ৰাইফল, নাইন এমএম পিষ্টলৰ তিনিটা মেগজিন।
ইয়াৰ উপৰি এটা চাইনিজ গ্ৰেণেড, চেফটি ফিউজ ৱাইৰৰ দুটা কইল, বৈদ্যুতিক তাঁৰৰ এটা বাণ্ডল, ১২ ভল্টৰ চাৰিটা বেটাৰী।
আনহাতে দুটা প্ৰেছাৰ কুকাৰ, চাৰিখন চাইকেল, দুখন কুঠাৰৰ লগতে অন্য সামগ্ৰীও উদ্ধাৰ কৰে।
ইনপুট : বিশ্বজিৎ চৌধুৰী
আৰু পঢ়ক : পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ বিষয়ে বিবেচনা কৰক : আছু