শোণিতপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ! মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰখিনি

0
6134

শোণিতপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ! মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰখিনি

শোণিতপুৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ।শোণিতপুৰৰ মিছামাৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

বেলশীৰি নৈ পাৰত কামেংবাৰী চাহ বাগিচাৰ জংঘলত মাটিত এটা বাকচত পুতিথোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰা হয়।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত মিছামাৰী থানা আৰু ফ’ৰ কৰৰ সেনাৰ চোৰাং চোৱা বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰি জব্দ কৰিছে।

অসম-অৰুনাচল সীমান্তৱৰ্তী এলেকাত জব্দ কৰা অস্ত্ৰ সমূহৰ ভিতৰত আছে ১টা হাতে সজা পিষ্টল, ৬টা পিষ্টল , ৩টা হাতে সজা বন্ধুক,২ টা হাতে সজা বেৰেল , দুটা ৩৬হেন গ্ৰেনেড ,১টা Ak47 মেগজিন ,

৭ টা পিষ্টল মেজজিন ,পাকিস্থানত নিৰ্মিত এমএমজি ৩২ৰাউণ্ড গুলী ,২ টা পেন পিষ্টল , এচএলআৰ ৫৪টা সজীৱ গুলী, ১৫ পইন্ট ২২ সজীৱ গুলী,২৩ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোয়ে।

কোনো উগ্ৰপন্থী সংগঠনে বৃহৎ পৰিমাণৰ অস্ত্ৰখিনিমাটিত পুতি থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ কোনো কূটাঘাটৰ বাবে এই বিস্ফোৰক সামগ্ৰি সমূহ মজুত ৰখাৰো সন্দেহ কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷

Input and photo – Lakhyajyoti Nath