31 C
Guwahati
Sunday, September 19, 2021
More

    কামৰূপ গ্ৰাম্যত বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যৰ সৈতে ৬ জন লোক আটক

    ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

    বিশেষ সূত্ৰৰ আধাৰত অভিযান চলাই গুৱাহাটী জিলা কেন্দ্ৰীয় আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হিৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

    কামৰূপ গ্ৰাম্যৰ বাইহাটা আৰু হাজোত ২৭ আৰু ২৮ জুলাইত অভিযান চলাই বিশেষ আৰক্ষীৰ দলটোৱে নিষিদ্ধ দ্ৰব্য সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

    অভিযানকালত নিচাযুক্ত দ্ৰব্যৰ লগতে ছয় গৰাকী লোককো আটক কৰা হৈছে।

    আটকাধীন লোক কেইজন নাৰেংগীৰ বাবুল চৌধুৰী, নুৰ আহমেদ, বাইহাটাৰ মফিদুল আলি, ৰাহুল আহমেদ, সৰুধন শইকীয়া আৰু হাজোৰ হামিদা বিবি বুলি চিনাক্ত কৰা হৈছে।

    আৰক্ষীৰ দলটোৱে আটকাধীন লোককেইজনৰ পৰা ৬৫ গ্ৰাম হিৰোইন, এখন এ এছ-০১-এল-৫৫০১ নম্বৰৰ মাৰুতি বাহন, ৩২ টা মোবাইল হেণ্ডছেট, নগদ ৩.৫ লাখ টকা, ২৫ পেকেট নিচাঁযুক্ত টেবলেগ উদ্ধাৰ কৰে।

    অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন লোককেইজনক সোধা-পোছা অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং