মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ ফলাফল ডিজিটেল মাধ্যমত প্ৰকাশ হ’ব; ডিজিটেল মাৰ্কশ্বীট প্ৰকাশ কৰিব চৰকাৰে

লক ডাউনক লৈ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব চৰকাৰে। ৰচনা লিখি নিজ নিজ বিদ্যালয় আৰু শিক্ষানুষ্ঠানত জমা দিব লাগিব। শ্ৰেষ্ঠ প্ৰতিযোগীয়ে লাভ কৰিব ১০ হাজাৰ টকাৰ পুৰস্কাৰ

0
77

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিব পাৰে বৃহত্ সিদ্ধান্ত। ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ শিক্ষাবৰ্ষ বৃদ্ধি কৰাৰ পৰামৰ্শ শিক্ষাবিদৰ। এই সন্দৰ্ভত চিন্তা-চৰ্চা অব্যাহত চৰকাৰৰ। ৰাজ্যৰ সকলো লোকৰ পৰামৰ্শৰ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই। ১ মে’ৰ পৰা ৩১ মে’লৈ গৰম বন্ধ ঘোষণা কৰে মন্ত্ৰী শৰ্মাই। লক ডাউন খুলিলেও ৩১ মে’লৈ বন্ধ থাকিব সকলো স্কুল-কলেজ।

জুনৰ মাজভাগত মেট্ৰিক আৰু HSৰ ফলাফল প্ৰকাশ পাব। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ডিজিটেল মাধ্যমত প্ৰকাশ হ’ব। ডিজিটেল মাৰ্কশ্বীটো প্ৰকাশ কৰিব চৰকাৰে।ডিজিটেল মাৰ্কশ্বীটৰ ভিত্তিতে নামভৰ্তি কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। কলেজৰ নামভৰ্তি প্ৰক্ৰিয়াও অনলাইনতে কৰা হ’ব। অনলাইন নামভৰ্তি কৰোঁতে দিব লাগিব বেংকৰ একাউণ্ট নম্বৰ আৰু IFSC CODE। এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২৬-২৮ মে’লৈ HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীলৈ পাঠ্যপুথি বিতৰণ কৰা হ’ব। মাস্ক পিন্ধি আৰু সামাজিক দূৰত্ব মানি সংগ্ৰহ কৰিব লাগিব কিতাপ। গৱেষক ছাত্ৰ-ছাত্ৰীসকলক কলেজ আৰু বিশ্ববিদ্যালয়ৰ লেবলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। পৰিস্থিতি একেই থাকিলে শিক্ষা বিভাগে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনালে মন্ত্ৰী শৰ্মাই।

‘৩১ মে’ৰ পিছত HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সমীপৰ শিক্ষানুষ্ঠানত পঢ়িব পাৰিব। নিজ নিজ অঞ্চলৰ ওচৰৰ কলেজ-স্কুলত পাঠদান কৰিব পাৰিব। লগতে ১ জুনৰ পৰা গাঁৱৰ শিক্ষকসকলে ৫জন ছাত্ৰক একেলগে ঘৰৰ চোতালত বহি পাঠদান কৰাব পাৰিব। লক ডাউনক লৈ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব চৰকাৰে। ৰচনা লিখি নিজ নিজ বিদ্যালয় আৰু শিক্ষানুষ্ঠানত জমা দিব লাগিব। শ্ৰেষ্ঠ প্ৰতিযোগীয়ে লাভ কৰিব ১০ হাজাৰ টকাৰ পুৰস্কাৰ।’- এই ঘোষণা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Photo: Time8